নিউজ ডেস্কঃ বিশ্বৰ আগশাৰীৰ ইলেকট্ৰিক বাহন নিৰ্মাণ কোম্পানী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে ইংগিত দিছে যে ভাৰতত টেছলা কোম্পানীৰ বাহনৰ নিৰ্মাণ কোম্পানী স্থাপন কৰা নহয়। শুকুৰবাৰে টুইটাৰত এলন মাস্কে লিখে- ”Tesla will not put a manufacturing plant in any location where we are not allowed first to sell & service cars”

ইয়াৰ অৰ্থ হ’ল ”টেছলা কোম্পানীয়ে এনে এক স্থানত নিজৰ বাহন নিৰ্মাণ ফেক্টৰী স্থাপন নকৰে য’ত আমাক প্ৰথমে বাহন বিক্ৰী আৰু তাৰ ছাৰ্ভিছৰ অনুমতি প্ৰদান কৰা নহয়।” এই টুইটটোতে বুজিব পাৰি যে, টেছলাই ভাৰতত বাহন নিৰ্মাণ কোম্পানী স্থাপন নকৰে।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে- এলন মাস্কক ভাৰতত ইলেকট্ৰিক বাহন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত স্বাগতম জনাইছো। কিন্তু টেছলাৰ সত্বাধিকাৰীয়ে চীনত এই বাহনৰ নিৰ্মাণ কৰি ভাৰতত ইয়াক বিক্ৰী কৰাৰ যদি প্ৰস্তাৱ প্ৰদান কৰিছে তেন্তে কোনো পধ্যেই ভাল প্ৰস্তাৱ হ’ব নোৱাৰে।

লগতে তেওঁ কয়- ”যদি এলন মাস্কে ভাৰতত টেছলা কোম্পানীৰ বাহন নিৰ্মাণ কৰিবলৈ সাজু, তেন্তে কোনো সমস্যা নাই। আমাৰ সকলো যোগ্যতা আছে, বিক্ৰেতা উপলব্ধ আছে। আমাৰো সকলো ধৰণৰ তথ্য-প্ৰযুক্তি আছে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply