অসম মিজোৰাম সীমা সমস্যাক লৈ আইজলত হোৱা বৈঠক

অসম আৰু মিজোৰামৰ সীমা সমস্যা লৈ অসম আৰু মিজোৰাম চৰকাৰে যুটীয়াভাৱে এক বিবৃতি জাৰি কৰিছে। এই বিবৃতিত দুয়োখন ৰাজ্য চৰকাৰে সীমান্ত সম্পৰ্কীয় উত্তেজনা আৰু সমস্যা দূৰ কৰিবলৈ আৰু আলোচনাৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰা স্থায়ী সমাধানৰ পদক্ষেপ সমূহ মানি চলিবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে সন্মত হৈছে। আজিৰ বৈঠকত অসমৰ হৈ ভাগ লয় দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহল। দুয়োগৰাকী মন্ত্ৰীৰ লগত বৈঠকত উপস্থিত থাকে অসমৰ সীমা সুৰক্ষাৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী । মিজোৰামৰ তৰফৰ পৰা আলোচনাত বহে গৃহমন্ত্ৰী লালচাম লিয়ানা, ৰাজহ মন্ত্ৰী লালৰোৱাতকিমা।

আজি আইজলত মন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত প্ৰকাশ কৰা যুটীয়া বিবৃতিত উল্লেখ কৰা হৈছে যে- ২৬ জুলাই, ২০২১ত মিজোৰাম আৰু অসম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত কেইবাজনো অসম আৰক্ষীৰ লোক নিহত হোৱাত শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰিছে।

যুটীয়া বিবৃতি

লগতে দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সন্মত হৈ এই ক্ষেত্ৰত দুয়োখন ৰাজ্যই তেওঁলোকৰ বন আৰু আৰক্ষী বাহিনীক একাংশ নিৰ্বাচিত এলেকাত নিয়োজিত নকৰে। সেই জিলা কেইখন ক্ৰমে- অসমৰ কৰিমগঞ্জ, হাইলাকান্দি, কাচাৰ আৰু মিজোৰামৰ মমিত আৰু কোলাছিব জিলা।

তদুপৰি অসম আৰু মিজোৰাম চৰকাৰৰ প্ৰতিনিধিসকলে অসম আৰু মিজোৰামত, বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মত হৈছে। বিবৃতিটোত অসমৰ হৈ স্বাক্ষৰ কৰিছে সীমান্ত অঞ্চল উন্নয়ন আৰু সুৰক্ষা মন্ত্ৰী অতুল বৰা আৰু সেই বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী | মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানা আৰু গৃহসচিবে স্বাক্ষৰ কৰিছে ।

অসমৰ প্ৰতিনিধি দলটোৱে মিজো ছাত্ৰ সংগঠন MZPৰ প্ৰতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়

লগতে পঢ়ক চাৰিদশকৰ পিছত ভাৰতীয় হকীলৈ অলিম্পিক পদক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply