নিউজ ডেস্কঃ গুৰুগ্ৰামত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। গুৰুগ্ৰামৰ পটৌদী প্ৰখণ্ডত শুকুৰবাৰে পুৱা দুই ভাতৃক গুলীয়াই হত্যা কৰা হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৫জন দুৰ্বৃত্তই দুখন মটৰচাইকেলেৰে আহি পৰমজিৎ সিং ঠকৰান আৰু তেওঁৰ ভাতৃ সুৰজিৎ সিং ঠকৰানক বাসগৃহৰ সন্মুখতে গুলীয়াই হত্যা কৰে।
ইফালে, আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে- এই ঘটনা শুকুৰবাৰে পুৱা প্ৰায় ৯.২০ বজাত সংঘটিত হৈছে। পৰমজিৎ সিং ঠকৰানে ফোনত কথা পাতি বাসগৃহৰ পৰা বাহিৰলৈ ওলাই অহা সময়ত এই ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই।
লগতে পৰমজিৎৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰৈত আছিল তেওঁৰ ভাতৃ সুৰজিৎ। দুৰ্বৃত্তই দুয়োকে গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুয়ো আহত হোৱাৰ পাছত হাস্পতাললৈ নিয়া হয় যদিও, চিকিৎসকে মৃত্যু হোৱা বুলি জনায়।