কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিত অন্তৰ্ভুক্ত কৰা হৈছে । সোণোৱালৰ লগতে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙকো অন্তৰ্ভুক্ত কৰা হৈছে ।পূৰ্বে এই বিভাগৰ মন্ত্ৰীক ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।
আনহাতে আইন মন্ত্ৰী কিৰেন ৰিজিজু, তথ্য আৰু সম্প্ৰচাৰ, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাক এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। কিৰেণ ৰিজিজুক ৰবিশংকৰ প্ৰসাদৰ স্থানত, অনুৰাগ ঠাকুৰক প্ৰকাশ জাভড়েকাৰৰ স্থানত এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ উপৰিও সামাজিক ন্যায় সৱলীকৰণ মন্ত্ৰী বিৰেন্দ্ৰ কুমাৰক থাৱৰক চান্দ গেহলোটৰ ঠাইত কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। এইসকলৰ উপৰিও এই কমিটীত আন আন সদস্য কেইজন হৈছে জ্যোতিৰাদিত্য সিন্দিয়া, অশ্বিনী বৈষ্ণৱ, নাৰায়ণ ৰাণে আদি।
লগতে পঢ়ক জীৱনৰ আনন্দ : বেছি নহয়, কম বস্তুৰে কিদৰে সজাব আপোনাৰ ঘৰখন