নিউজ ডেস্কঃ বিবাহ এটা পবিত্ৰ অনুষ্ঠান। এই শুভ পৰ্বৰ শুভ ক্ষণতেই যেন ভাগ্য উদয় হ’ল এগৰাকী যুৱতীৰ।
হাতত মেহেন্দি, শৰীৰত অলংকাৰ আৰু কইনাৰ সাজ পিন্ধি দৰাক বৰমাল্য পিন্ধোৱা অনুষ্ঠানৰ বাবে অপেক্ষা কৰি আছিল উত্তৰ প্ৰদেশৰ ৰামপুৰৰ পুনম শৰ্মাই।
সময় তেতিয়া পুৱা ৯বাজি ৩০ মিনিট বাজিছিল। সেই সময়তেই আহিল সেই সুখবৰটো।
উত্তৰ প্ৰদেশৰ ৰামপুৰৰ মহম্মদপুৰ জাদিদ গাঁৱত সদ্যসমাপ্ত ক্ষেত্ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল পুনম শৰ্মাই।
নিৰ্বাচনৰ ফলাফলৰ দিনাই তেওঁৰ আছিল বিবাহৰ দিন। তেওঁ ধাৰণা কৰিছিল যে তেওঁৰ নিৰ্বাচনত বিজয়ী হোৱাৰ কোনো সম্ভাৱনা নাই।
পিছে তেওঁৰ ধাৰণাৰ বিপৰীতে মুঠ ৬০১ টা ভোটসহ তেওঁ ৩১টা ভোটৰ ব্যৱধানত বিজয়লাভ কৰিলে।
বিবাহস্থলীতে যেতিয়া তেওঁ গম পালে যে ভোটত জয়ী হৈছে তৎক্ষণাৎ সকলো পাহৰি কইনাৰ সাজেৰেই ২০ কিলোমিটাৰ নিলগৰ ভোট গণনা কেন্দ্ৰলৈ ঢাপলি মেলে।
কইনাৰ সাজত নিৰ্বাচনী প্ৰাৰ্থীক দেখা পায় হতচকিত হৈ পৰে গণনা কেন্দ্ৰত উপস্থিত থকা লোকসকল।
পুনমৰ হাতত তুলি দিয়া হয় বিজয়ৰ প্ৰমাণপত্ৰ। সামাজিক মাধ্যমত এই খবৰ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
দৰাপক্ষৰ অনুমতিমৰ্মে তেওঁ গণনাকেন্দ্ৰলৈ আহিছে আৰু গাওঁখনৰ সকলো লোক তেওঁৰ এই বিজয়ত সুখী হৈ পৰিছে।
গণনা কেন্দ্ৰৰ পৰা প্ৰমাণপত্ৰৰ সৈতে তেওঁ যেতিয়া বিবাহ মণ্ডপলৈ যায় সকলোৱে আনন্দত আপোন পাহৰা হৈছিল।
শেষত স্থগিত হৈ পৰা বিবাহৰ বাকী নীতি-নিয়ম সমূহ আকৌ ৰূপায়ণ কৰা হয়।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনমে কয় যে নিৰ্বাচনত বিজয়ী হোৱাটো তেওঁৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ বিবাহৰ উপহাৰ।