নিউজ ডেস্কঃ দিল্লীৰ প্রশাসনিক ক্ষমতা সম্পর্কীয় বিধেয়কখনত ৰাজ্যসভাই অনুমোদন জনালে ৷ মাজনিশা পর্যন্ত তীব্র বিতর্ক আৰু হুলস্থূলীয়া পৰিৱেশৰ মাজত গৃহীত হয় জিএনচিটিডি বিল৷ ইয়াৰ জৰিয়তে দিল্লীৰ প্রশাসনিক ক্ষমতা সম্পূর্ণৰূপে দিয়া হ’ল উপ–ৰাজ্যপালৰ হাতত৷
লক্ষণীয়ভাৱে ৰাজ্যসভাত এই বিধেয়ক গৃহীত হোৱা বিষয়টোক লৈ বিজেপিক কঠোৰ সমালোচনা কৰিছে আম আদমী পার্টী (আপ)য়ে৷ ইফালে তৃণমূল কংগ্রেছৰ ৰাজ্যসভাৰ সাংসদসকলেও দিল্লীৰ প্রশাসনিক ক্ষমতা উপ–ৰাজ্যপালৰ হাতলৈ দিয়া বিষয়টোক লৈ মোদী চৰকাৰক কঠোৰ সমালোচনা কৰিছে৷ ইফালে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই মোদী চৰকাৰক সমালোচনা কৰি কৈছে যে অৰবিন্দ কেজৰিৱাল মোদীৰ বিকল্প হ’ব পাৰে বুলিয়েই এনডিএ চৰকাৰ এতিয়া শংকিত হৈ এই কাৰ্য কৰিলে ৷এই বিষয়টো এতিয়া ন্যায়ালয়ৰ মজিয়ালৈ নিয়াৰ বাবে সাজু হৈছে অৰবিন্দ কেজৰিৱাল