ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৱে কালি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত অনুষ্ঠিত দ্বিতীয় অলংকৰণ সমাৰোহত ২০২৩ বৰ্ষৰ বাবে তিনিটা পদ্ম বিভূষণ, পাঁচটা পদ্মভূষণ আৰু সাতচল্লিশটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। প্ৰথম অলংকৰণ সমাৰোহ ২২ মাৰ্চ, ২০২৩ তাৰিখে অনুষ্ঠিত হৈছিল।
অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদ্বীপ ধনখৰ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট ব্যক্তিসকল।

অলংকৰণ অনুষ্ঠানৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলে নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰীৰ দ্বাৰা আয়োজিত এক নৈশ ভোজত পদ্ম বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে।
পদ্ম বঁটা বিজয়ীসকলে আজি ৰাতিপুৱা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকে অমৃত উদ্যান আৰু ৰাষ্ট্ৰপতি ভৱনৰ লগতে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ও পৰিদৰ্শন কৰিব।