নিউজ ডেস্ক: কৰ্ণাটক নিৰ্বাচনত জয়ী হৈ আজি নতুন মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামায়াৰ আৰু ডি কে শিৱকুমাৰে শপত গ্ৰহন কৰে । তেওঁলোকৰ লগতে আৰু ৪ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহন কৰে। বেংগালুৰু কাণ্টেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত কৰ্ণাটক নতুন মন্ত্ৰী পৰিষদে শপত গ্ৰহন কৰে।
উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়ো নব নিৰ্বাচিত মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক শপত গ্ৰহন অনুষ্ঠানৰ বাবে টুইটযোগে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কয়,
“কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে সিদ্দাৰামায়া আৰু উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে ডি কে শিৱকুমাৰে লৈ অভিনন্দন। ফলপ্ৰসূ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা থাকিল।”