ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিলে যুদ্ধ। পুটিনে ইউক্ৰেইনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ প্ৰত্যুত্বৰত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ে কোনো কাৰণতে নিজ দেশৰ প্ৰতিৰক্ষাৰ পৰা পিছুৱাই নাহে বুলি ঘোষণা কৰিছে।
ৰাষ্ট্ৰপতি পুটিনৰ এই নিৰ্দেশৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। ভাৰতৰ ফালৰ পৰা দুয়োপক্ষক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।

ৰাষ্ট্ৰপতি ভ্লাডিমিৰ ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰি বৰ্তমান পৰিস্থিতিত যুদ্ধ এৰাই চলিব নোৱাৰি বুলি স্পষ্ট কৰিছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ মহাসচিবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক নিজৰ সৈন্যক নিয়ন্ত্ৰণ কৰিবৰ বাবে আহ্বান জনাইছে।

ৰাছিয়াই বুধবাৰে ইউক্ৰেইনী বেংক আৰু প্ৰতিৰক্ষা, বিদেশ, আভ্যন্তৰীণ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ ৱেবছাইটত চাইবাৰ এটেক কৰে। ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ সংসদে দেশ খনত জৰুৰী অবস্থাৰ ঘোষণা কৰিছে। ইয়াৰ উপৰিও ইউক্ৰেইনে নিজৰ ৩০ লাখ নাগৰিকক শীঘ্ৰে ৰাছিয়া এৰাৰ বাবে নিৰ্দেশ দিছে। ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতেই ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনাইছে। এই বৈঠক বেলাৰুছত অনুষ্ঠিত হ’ব।

ডেইলী মেইলৰ ৰিপ’ৰ্ট মতে, ইউক্ৰেইনৰ প’ৰ্ট চিটী মাৰিয়ুপোলত বৃহস্পতিবাৰে পুৱা প্ৰায় ৩.৩০ বজাত বিস্ফোৰণৰ শব্দ শুনা যায়। ৰাছিয়া সীমান্তৰ পৰা ৩০ মাইল দূৰত এই স্থান।
ইয়াৰ মাজতে ৰাছিয়াই বেলিষ্টিক আৰু ক্ৰুজ মিছাইলৰ পৰীক্ষণৰ সৈতে পৰমাণু যুদ্ধাভ্যাস আৰম্ভ কৰিছে।

ভাৰতে দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকক আনিবলৈ প্ৰেৰণ কৰা এ আই ১৯৪৭ বিমানখনে দেশৰ নাগৰিকক লৈ উৰা মৰাৰ ঠিক কিছু সময়ৰ পিছতেই ইউক্ৰেইনত সকলোধৰণৰ অসামৰিক বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।

ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি টিএছ তিৰুমুৰ্তিয়ে বৰ্তমানৰ পৰিস্থিতিয়ে ভয়ংকৰ সংকটলৈ গতি কৰাৰ সম্ভাবনা অধিক।সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি এই সংঘৰ্ষ তৎকালীনভাৱে বন্ধ কৰি আলোচনা কৰাৰ আহ্বান জনাইছো।

লগতে পঢ়ক- শিৱসাগৰত ভুৱা শিক্ষাগত প্ৰমাণপত্ৰ দাখিলেৰে পৌৰ নিৰ্বাচন অংশ লৈছে তিনি মহিলা প্ৰাৰ্থীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply