নিউজ ডেস্কঃ ফাষ্টফুড খাওতে সাৱধান হ’ব কাৰণ আপুনিও আক্ৰান্ত হ’ব পাৰে ‘Shigella’ ভাইৰাছত। কেৰালাৰ চেৰুভাথুৰত চিকেন ৰ’ল খাই মৃত্যুমুখত পৰিছে এগৰাকী ১৬বছৰীয়া কিশোৰী। কেৰালা চৰকাৰে দিয়া তথ্য অনুসৰি, খাদ্য বিষক্ৰিয়াৰ আঁৰত ‘Shigella’ নামৰ এই বেক্টেৰিয়া বিধ থাকে। ইতিমধ্যে ৰাজ্যখনৰ ৩০গৰাকী লোক ‘Shigella’ ভাইৰাছত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈছে।
‘Shigella’ হৈছে এক প্ৰকাৰৰ ক্ষতিকাৰক বেক্টেৰিয়া। যিটো এণ্টেৰ’বেক্টৰ (Enterobacter) এটা অংশ। এণ্টেৰ’বেক্টৰ হৈছে এনে ধৰণৰ বেক্টেৰিয়া যি মানুহৰ খাদ্যনলীত অৱস্থান কৰে। ই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন প্ৰতিক্ৰিয়া আৰম্ভ হয়।
ডায়েৰিয়া হৈছে ‘Shigella’ বীজাণুৰ এটা লক্ষণ। ইয়াৰ লক্ষণ হৈছে তীব্ৰ পেটৰ বিষ, জ্বৰ, বমি। ইয়াৰ সংক্ৰমণৰ স্তৰ যথেষ্ট গুৰুতৰ। এই ভাইৰাছৰ সংক্ৰমণ মুখ্যতঃ অপচয় বা পচা খাদ্যৰ পৰা বিয়পে।