নিউজ ডেস্কঃ ফুলৰ খেতি কৰি এজন যুৱকে মাহত উপাৰ্জন কৰে প্ৰায় ৫০ হাজাৰ টকা। বিহাৰৰ ভোজপুৰৰ দীপক কুমাৰৰ লক্ষ্য আছিল সেনাবাহিনীত যোগদান কৰাৰ। কিন্তু প্রাথমিক শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ কষ্ট কৰিছিল যদিও পঢ়া-শুনাত আগবাঢ়িব নোৱাৰিলে৷ তেতিয়াৰ পৰাই তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ জীৱনৰ সফলতা খেতিৰ মাজতে লুকাই আছে। দীপকৰ ঘৰৰ সকলো কৃষি কৰ্মৰ লগত জড়িত। ঘেঁহুৰ খেতি আৰু ধান খেতিৰ লগত জড়িত আছিল কিন্তু দীপক সকলোতকৈ অলপ বেলেগ হ’ব বিচাৰিছিল। সেইবাবেই তেওঁ ২০২০ চনত ৪টা প্ৰজাতিৰ নাৰ্জী ফুলৰ খেতি কৰি পোহপাল দিবলৈ আৰম্ভ কৰে। চৰকাৰী চাকৰিৰ পাছত হাবাথুৰি নাখাই যুৱকজনে খেতিকে উপাৰ্জনৰ পথ হিচাপে বাচি হয়। বিগত বছৰ প্ৰধানমন্ত্ৰীয়ে কৰোনাৰ বাবে দেশজোৰা লকডাউন ঘোষণা কৰাৰ লগে লগে ফুল বিক্ৰেতা সকলৰ অৱস্থা অধিক ভয়াৱহ হৈ পৰিছিল। সেই সময়ত মন্দিৰ সমূহ বন্ধ হৈ থকাৰ বাবে ফুলৰ চাহিদা কমি গৈছিল। কিন্তু এই সকলো লোকচানৰ মাজতো দীপকে হাৰ নামানি নিজৰ ২.৫ বিঘা মাটিত কৰা নাৰ্জী ফুলৰ খেতিৰ পৰা প্ৰায় ৬০০০ টকা উপাৰ্জন কৰিলে।

দীপকে এতিয়া প্ৰতিদিনে ফুল বিক্ৰী কৰি উপাৰ্জন কৰে ১৫০০ টকা। বিবাহ অনুষ্ঠান অথবা কোনো ধৰ্মীয় অনুষ্ঠানত ফুল যোগান ধৰিবলৈ হ’লে তেওঁ মাহত প্ৰায় ৫০০০ টকা উপাৰ্জন কৰে। দীপকে কয় যে তেওঁ এইবাৰ অধিক উন্নত মানৰ নাৰ্জী ফুলৰ বীজ ৰূপণ কৰিব তেতিয়া আৰু উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে, দীপকৰ খেতিৰ ফুল ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয়।
লগতে পঢ়কঃযি সপোনে ৰাতি শুবলৈ নিদিয়ে সেইয়াহে সপোন: অৱশেষত আই এ এছ হ’ল শিবাংগী