নিউজ ডেস্ক: মাদ্ৰাছা সন্দৰ্ভত পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। “মাদ্ৰাছা” শব্দটোৰ অস্তিত্ব নোহোৱা হ’ব লাগে আৰু তাৰ পৰিৱৰ্তে সকলো বিদ্যালয়তে “আধুনিক শিক্ষা” চলিব লাগে বুলি মুখ্য মন্ত্ৰীয়ে কয়।
কালি, ২২ মে’ত দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
“মাদ্ৰাছা’ শব্দটো নোহোৱা হ’ব লাগে। ঘৰতে কোৰান পঢ়াওক, কিন্তু স্কুলত শিশুক বিজ্ঞান আৰু গণিত শিকোৱা উচিত। ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ সময়ত আমি অনুভৱ কৰিছিলো যে ৰাজ্যৰ ধন কোনো এটা বিশেষ ধৰ্মৰ ধৰ্মীয় শিক্ষা প্ৰদানৰ বাবে ব্যয় কৰা উচিত নহয়,’ শৰ্মাই কয়।
শিশুসকলক মাদ্ৰাছাত ভৰ্তি কৰাটো তেওঁলোকৰ মানৱ অধিকাৰ উলংঘা কৰাতকৈ কম নহয় আৰু সেয়েহে মাদ্ৰাছাসমূহ বন্ধ হোৱা উচিত বুলি কয় মুখ্য মন্ত্ৰীয়ে।
মুখ্য মন্ত্ৰীয়ে কয় যে মাদ্ৰাছাসমূহত পঢ়াৰ পিছত চিকিৎসক বা অভিযন্তা হ’ব নোৱাৰিব বুলি যদি শিশুসকলক জনোৱা হয় তেতিয়া তেওঁলোকে কেতিয়াও মাদ্ৰাছালৈ যাবলৈ ইচ্ছুক নহ’ব।
সভাত ‘ঘৰ ৱাপছি’ সন্দৰ্ভত মন্তব্য কৰি মন্তব্য কৰি মুখ্য মন্ত্ৰীয়ে লগতে কয় যে, তেওঁৰ মতে, এজন মুছলমান মূলতঃ হিন্দুৱে আৰু ‘ঘৰ ৱাপছি’ বা “পুনৰ ধৰ্মান্তৰকৰণ”ৰ প্ৰক্ৰিয়াৰ দ্বাৰা এজন ব্যক্তি পুনৰ নিজৰ আচল ধৰ্মলৈ ধৰ্মান্তৰিত হ’ব, সেয়া সম্ভৱ হ’ব কেৱল এটা বিশেষ পৰিৱেশ আৰু সঠিক শিক্ষাৰ জৰিয়তে।
“কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবাই মন্দিৰলৈ যাব লাগিব বা কোনো দেৱতাক পূজা কৰিব লাগিব। ব্যক্তিজনে ভাৰতক প্ৰথম স্থানত ৰাখিব লাগে আৰু ভাৰতৰ স্বাৰ্থৰ কথা চিন্তা কৰিব লাগে,’’ তেওঁ কয়।
শেহতীয়াকৈ অসমত চলা উচ্ছেদ অভিযানৰ সন্দৰ্ভত শৰ্মাই কয়, “অসমত বুলডজাৰ অভিযানৰ ফলত ৰাজ্যখনে ৫,০০০-৬,০০০ হেক্টৰ ভূমি বেদখলৰ পৰা সফলতাৰে মুক্ত কৰিছে।”
লগতে পঢ়ক – গাড়ীসহ বৃহৎ পৰিমাণৰ নিচাযুক্ত কফ চিৰাপ জব্দ