নিউজ ডেস্ক : ক’ভিড প্ৰতিৰোধৰ বাবে দেশত তৃতীয়টো প্ৰতিষেধক সাজু। দেশীয়ভাৱে প্ৰস্তুত RBD প্ৰটিন COBEVAX ভেকচিনক অনুমোদন দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে কোৰোণাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে কোৰোণাৰ চিকিৎসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়।

অমিক্ৰন ভেৰিয়েণ্ট দেশৰ বিভিন্ন ৰাজ্যত বিয়পি পৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ-কিশোৰীক অহা ৩ জানুৱাৰীৰ পৰা ভাৰত বায়’টেকৰ ক’ভাক্সিন প্ৰদান কৰা হ’ব। ইয়াৰ বাবে COWIN এপৰ জৰিয়তে নাম পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১ জানুৱাৰীৰ পৰা COWIN এপৰ জৰিয়তে নামভৰ্তি কৰিব পাৰিব। আধাৰ কাৰ্ড নাথাকিলেও এইটো অব্যাহত থাকিব। আনকি বিদ্যালয়ৰ পৰিচয় পত্ৰৰ সৈতেও, ১৫-১৮ বছৰীয়া শিশুৱে কোৰোণাৰ টিকাকৰণৰ বাবে নিজকে পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়ক  :  দেশত অ’মিক্ৰন আক্রান্ত লোকৰ সংখ্যা ৬৫৩ জনলৈ বৃদ্ধি

সোমবাৰে এদিনতে দেশত ১৩৫ জন লোক অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত হয়। ইয়াকে ধৰি দেশত অ’মিক্ৰন আক্ৰান্তৰ মুঠ লোকৰ সংখ্যাই ৬০০ৰ ঘৰ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত ৬৫৩ জন লোক অ’মিক্ৰনত আক্রান্ত হৈছে আছে। মণিপুৰতো এজন লোক আক্রান্ত হৈছে অ’মিক্ৰনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply