নিউজ ডেস্ক : এপ্ৰিল মাহৰে পৰা দেশত তাণ্ডৱলীলা চলাই থকা ক’ভিডৰ দ্বিতীয়টো ঢৌ বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে। লাহে লাহে দেশত হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা। হ্ৰাস পাইছে কভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও। পিছে বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে যদিও ক’ভিড তৃতীয়টো ঢৌৰ ৰূপত পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে।

ভাৰতত অহা ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত ক’ভিডৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা আছে। ক’ভিডৰ তৃতীয় ঢৌ অহাৰ আশংকা প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াই। এইমছৰ সঞ্চালক গৰাকীয়ে কয় যে ভাৰতলৈ তৃতীয় ঢৌ অহাটো অনিবাৰ্য। ভাৰতৰ দৰে বৃহৎ জনসংখ্যা থকা এখন দেশত টীকাকৰণ সম্পূৰ্ণ কৰাটো এক বৃহৎ প্ৰত্যাহ্বানমূলক বিষয়।

এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াই কভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় টীকাৰ মাজত থকা সময়ৰ ব্যৱধান বৃদ্ধিয়ে কোনো বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে। ইফালে কভিডসৃষ্ট পৰিস্থিতি উন্নত হ’বলৈ ধৰাত আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে। আনলক পৰ্যায়ত ৰণদীপ গুলেৰীয়াই অধিক সাৱধানতা অৱলম্বণ কৰিবলৈ কৈছে।

আৰু পঢ়কঃ তিতাবৰৰ ৰাজমিস্ত্ৰিয়ে নিৰ্মাণ কৰিছে চি প্লেন

তেওঁ লগতে কয় যে তৃতীয় ঢৌ অহাৰ পূৰ্বে সংক্ৰমণৰ হটস্পটসমূহ চিনাক্ত কৰি ক’ভিড পৰীক্ষা আৰু চিকিৎসা আন্তঃগাঁথনি বিকশিত কৰাৰ প্ৰয়োজনীয়তা অধিক। ইফালে ক’ভিডৰ তৃতীয়টো ঢৌৱেত শিশু সকলক অধিক আক্রান্ত হ’ব বুলি চৰ্চা লাভ কৰা খবৰ সন্দৰ্ভত ৰণদীপ গুলেৰীয়াই কয় যে ইয়াৰ কোনো ধৰণৰ নিশ্চিত তথ্য নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply