নিউজ ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই ইউৰোপৰ এখন দেশৰ দুশ বছৰীয়া পৰম্পৰাৰ অৱসান ঘটালে। যোৱা দুশ বছৰে যিকোনো ধৰণৰ যুদ্ধৰ পৰা আঁতৰি থকা চুইজাৰলেণ্ডে এইবাৰ সলনি কৰিছে নিজৰ নিৰপেক্ষতাৰ স্থিতি।

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰা পিছত ইউৰোপৰ আন দেশসমূহৰ লগতে চুইজাৰলেণ্ডে ইউক্ৰেইনৰ পক্ষ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে দেশখনৰ চৰকাৰে ৰাছিয়াৰ ওপৰত ইউৰোপিয়ান ইউনিয়নে গ্ৰহণ কৰা অৰ্থনৈতিক বৰ্জনৰ নিতী অৱলম্বন কৰিছে।

উল্লেখযোগ্য যে যোৱা সোমবাৰে এক বিবৃতিৰ জৰিয়তে চুইজাৰলেণ্ডে দেশখনৰ বেংকত থকা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন, ৰাছিয়াৰ প্ৰধান মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ উপৰি ৰুছ নাগৰিক তথা ব্যৱসায়ীসকলৰ ধন-সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি কয়।

দেশখনৰ এই সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হোৱাৰ লগতে ই ৰাছিয়াক শলঠেকত পেলাব বুলি বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। বিশেষকৈ চুইজাৰলেণ্ডে ইমান দিনে গ্ৰহণ কৰি অহা নিৰপেক্ষতাৰ স্থিতিৰ বাবে দেশখনৰ বেংকত বিশ্বৰ বিভিন্ন দেশৰ প্ৰভাৱশালী তথা ধনী ব্যক্তিসকলে ধন জমা ৰখাৰ কথা সকলোৰে জ্ঞাত।

১৮১৫ চনৰ পৰা চুইজাৰলেণ্ডে বিশ্বৰ কোনো এখন সংঘাত বা যুদ্ধত অংশ গ্ৰহণ কৰা নাছিল। আনকি পাৰ হৈ যোৱা দুখনকৈ বিশ্ব যুদ্ধতো দেশখনে গ্ৰহণ কৰা নাছিল কোনো পক্ষ। ১৮১৫ চনত নেপোলিয়নে পৰাজয় বৰণ কৰা বিখ্যাত ৱাটাৰলু ৰণৰ পিছত দেশখনে ‘চিৰন্তন নিৰপেক্ষতা’ (perpetual neutrality)-ৰ স্থিতি গ্ৰহণ কৰি আহিছিল।

লগতে পঢ়ক – নামাজ পঢ়ি থকা সময়তে মছজিদত বিস্ফোৰণঃ ৩০জন লোকে হেৰুৱালে প্ৰাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply