নিউজ ডেস্কঃ  সময় পাখি লগা কাঁড়ৰ দৰে। এবাৰ গুছি যোৱা সময় আৰু ওভতাই পোৱা নাযায়। সময়ৰ কাম সদায় সময়তে কৰিব লাগে। শৃংখলাবদ্ধ জীৱন যাপনৰ ক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ। সকলোবোৰ সঠিক সময়ত কৰা, সঠিক সময়ত উপস্থিত হোৱা, সেয়া বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়তেই হওঁক বা কোনো অনুষ্ঠানেই হওঁক। সময়মতে উপস্থিত থকাটো শৃংখলাবদ্ধ বুলি গণ্য কৰা হয়। পিছে এইখন বিশ্বতে এনে এখন দেশ আছে য’ত সময়মতে উপস্থিত থকাটো ‘অপৰাধ’ বুলি গণ্য কৰা হয়। সময়ত উপস্থিত নোহোৱাজনে পাই আদৰ-যত্ন।
অবিশ্বাস্য হলেও সত্য, এই প্ৰথা দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত প্ৰচলিত। এই দেশৰ বাসিন্দাসকলে সময়মতে উপস্থিত হ’বলৈ ভাল নাপায়। বিশেষকৈ কোনো অনুষ্ঠানত উল্লেখ কৰা সময়তকৈ ১৫ মিনিটৰ পৰা এঘণ্টা পলমকৈ উপস্থিত হোৱাটো তেওঁলোকৰ অভ্যাস।

লগতে পঢ়কঃযান্ত্ৰিকতাৰ যুগত ৰাইজৰ সেৱাৰ স্বাৰ্থত আকুল এগৰাকী নাৰী

কিন্তু এইদৰে পলমকৈ উপস্থিত হোৱাটো কিয় বিচাৰে তেওঁলোকে? দেশখনৰ স্থানীয় এক সংবাদ মাধ্যমত প্ৰকাশ হোৱা এক প্ৰতিবেদনৰ মতে যদি কোনোবাই সময়মতে কোনো অনুষ্ঠানত উপস্থিত হয় তেনেহ’লে অতিথিজন অতি উৎসাহী আৰু লোভীয়া বুলি গণ্য কৰা হয় আৰু পলমকৈ যোৱাৰ অৰ্থ হ’ল আয়োজকসকলক অধিক প্ৰস্তুতি কৰিবলৈ সুযোগ দিয়া, যাতে তেওঁলোকে অতিথিক ভালদৰে আপ্যায়ন কৰিব পাৰে। যদি তেওঁলোক সময়মতে উপস্থিত হয়, আয়োজক সম্পূৰ্ণৰূপে সাজু নহ’বও পাৰে, সেয়েহে পলমকৈ উপস্থিত হ’লে ভালদৰে প্ৰস্তুতি কৰাৰ সুযোগ দিয়া হয় বুলি তেওঁলোকে বিশ্বাস কৰে।

লগতে পঢ়কঃ১১লাখ টকা খৰছ কৰি নিজৰ ৰূপ সলনি কৰি ‘কুকুৰ’ৰ ৰূপ ল’লে যুৱকে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply