নিউজ ডেস্কঃ ‘অতিথি দেবো ভবঃ’ অৰ্থাত অতিথি ভগবান তুল্য। ভাৰতীয় সংস্কৃতিত অতিথিক ভগবানৰ দৰে জ্ঞান কৰা হয়। ঘৰলৈ অহা প্ৰতিগৰাকী অতিথিক প্ৰথমে এগিলাচ পানী দিয়াৰ প্ৰথা। ঠিক সেইদৰে হাৰিয়ানাৰ ৰোহটকৰ ৰাস্তাত চলা এখন বিশেষ বাছৰ প্ৰতিগৰাকী যাত্ৰীকে অতিথিৰ মৰ্যাদা দিয়া হয়। বাছখনত উঠা প্ৰতিগৰাকী যাত্ৰীক দিয়া হয় এগিলাচকৈ পানী। এই বিশেষ বাছখনত উঠিবৰ বাবে এতিয়া অপেক্ষা কৰি থাকে যাত্ৰীসকল। বাছখনৰ সুৰেন্দ্ৰ শৰ্মা নামৰ কণ্ডাক্টৰজনে বাছখনত উঠা সকলোকে দিয়ে এগিলাচকৈ পানী। সুৰেন্দ্ৰ শৰ্মা সকলোৰে বাবে এতিয়া আদৰ্শ হৈ পৰিছে। তেওঁ এইদৰে ১২বছৰৰ ধৰি বাছখনত উঠা যাত্ৰীসকলৰ পিয়াহ নিবাৰণ কৰি আহিছে।

আইএএছ বিষয়া অৱনীশ চৰণে সুৰেন্দ্ৰ শৰ্মাৰ বিষয়ে টুইটাৰত টুইট কৰাৰ পিছৰে পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

টুইটটোৰ কমেন্টত বহুতে নিজৰ নিজৰ চিন্তা-চৰ্চাও ব্যক্ত কৰিছে। কোনোৱে লিখিছে, ‘এইয়াহে দেশৰ প্ৰকৃত নায়ক’, কোনোৱাই লিখিছে, ‘এইয়া মানৱ জাতিৰ প্ৰকৃত সেৱা’, আন কোনোৱে লিখিছে, ‘প্ৰেৰিত হ’লো’। সুৰেন্দ্ৰ শৰ্মাৰ এই কাহিনীয়ে বহুজনৰে অন্তৰ স্পৰ্শ কৰি গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply