নিউজ ডেস্ক : পেলনীয়া সামগ্ৰীৰে হলিউডৰ ছুপাৰ হিৰ’ আইৰন মেন তৈয়াৰ কৰি মণিপুৰৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

মণিপুৰৰ থৌবাল জিলাৰ ২১ বছৰীয়া নিংগোমবাম প্ৰেম নামৰ যুৱকজনে কাৰ্ডব’ৰ্ড আৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘৰতে এটা আইৰন মেনৰ ৰবট সাঁজি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।

ইউটিউবৰ জৰিয়তে তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’ই ব্যাপক সমাদৰ লাভ কৰিছে।

YouTube video

তেওঁৰ ভিডিঅ’টো Brut নামৰ সংবাদ গোষ্ঠীটোৱে শ্বেয়াৰ কৰাৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই টুইটাৰত শ্বেয়াৰ কৰে। ইয়াৰ পিছতে ভিডিঅ’টোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।

আনন্দ মহিন্দ্ৰাই টুইটাৰ যোগে যুৱকজনক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

আজৰি সময়ত নিজৰ মাক দেউতাকক পথৰ কাষত দিয়া খাদ্যৰ দোকানত সহায় কৰি দিয়া এই তৰুণ যুৱকজনে বৰ্তমান ইম্ফল আৰ্ট কলেজত চাৰুকলাৰ অধ্যয়ন কৰি আছে।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : প্ৰাৰ্থমিক শিক্ষা সঞ্চালকালয়ত ৯৩৫৪ টা শিক্ষকৰ পদৰ বাবে আৱেদন আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply