নিউজ ডেস্ক : বাট পথসমূহক অভিনেত্ৰীৰ গালৰ সৈতে তুলনা কৰি ৰাজস্থানৰ এগৰাকী মন্ত্ৰীয়ে কৰা এক মন্তব্য এতিয়া ভাইৰেল হৈ পৰিছে। ৰাজস্থানৰ এগৰাকী নৱ নিযুক্ত মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুদ্ধাই এখন সভাত তেওঁ সমষ্টিৰ ৰাস্তা বিলাক অভিনেত্ৰী কেটৰিনা কাইফৰ গালৰ দৰে হ’ব লাগে বুলি মন্তব্য কৰে।

মঙলবাৰে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এখন গাঁৱত অনুষ্ঠিত এখন চৰকাৰী সভাত ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ণ মন্ত্ৰী ৰাজেন্দ্ৰ সিং গুদ্ধাই উপস্থিত লোকসকলক উদ্দেশ্যী এই মন্তব্য কৰে।

সভাখনত কংগ্ৰেছ বিধায়কজনে তেওঁৰ সমষ্টি উদয়পুৰ্ৱতি সমষ্টিৰ লোকসকলৰ সৈতে মত বিনিময় কৰি থকা অৱস্থাত গাঁৱৰ একাংশ লোকে তেওঁক পথসমূহ মেৰামতি কৰিব লাগে বুলি দাবী তুলিছিল।

ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত থকা গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তা গৰাকীক উদ্দেশ্যী কয়, ‘মোৰ সমষ্টিত পথ বিলাক কেটৰিনা কাইফৰ গালৰ দৰে নিৰ্মাণ কৰিব লাগিব।’

উল্লেখযোগ্য যে ভাৰতত ইয়াৰ পূৰ্বেও মন্ত্ৰী, ৰাজনৈতিক নেতাসকলৰ মুখত এনে তৰল মন্তব্য শুনিবলৈ পোৱা গৈছে। ২০০৫ চনত আৰ জে ডিৰ প্ৰধান লালু প্ৰসাদ যাদৱে এখন ৰাজহুৱা সভাত বিহাৰত হেমা মালিনিৰ গালৰ দৰে মসৃণ ৰাস্তা নিৰ্মাণ কৰা হ’ব বুলি কৈছিল।

২০১৯ চনত মধ্য প্ৰদেশৰ আইন মন্ত্ৰী পি চি শৰ্মাই ৰাজ্যখনৰ বাট-পথত থকা গাঁত বিলাক নোহোৱা কৰি ‘ড্ৰীম গাৰ্ল’ৰ গালৰ দৰে ‘ধুনীয়া কৰি তোলা হ’ব বুলি মন্তব্য কৰিছিল।

লগতে পঢ়ক : বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply