নিউজ ডেস্কঃ বছৰৰ ৩৬৫ দিনেই খোলা থাকে এখন বিদ্যালয়। কোনো উৎসৱ, চৰকাৰী বন্ধ সকলোতে খোলা থাকে বিদ্যালয়খন। এই বিশেষ বিদ্যালয়খন অৱস্থিত মহাৰাষ্ট্ৰৰ পুণেৰ পৰা পূবলৈ ৬০কি.মি দূৰত্বত Kardelwadi নামৰ এখন সৰু গাঁৱত । বছৰটোৰ প্ৰতিটো দিনতে বিদ্যালয়খনত পাঠদান চলে।
বছৰত ৩৬৫ দিন কেনেদৰে কাম কৰে সেয়া সঠিকভাৱে বুজিবলৈ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিইআৰটি) বিশেষজ্ঞসকলে এই বছৰ দুবাৰকৈ গাওঁখনলৈ আহিছে।
বিদ্যালয়খন Dattatreya আৰু Bebinanda Sakat নামৰ এক দম্পতীয়ে পৰিচালনা কৰে। ২০০১ চনত তেওঁলোকক বিদ্যালয়খনত নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ পৰা, বিদ্যালয়খনৰ দুৱাৰ প্ৰতিদিনে শিক্ষাৰ্থীসকলৰ বাবে খোলা থাকে। উল্লেখ্য যে, এই দম্পতীয়ে কোনো অনুষ্ঠানলৈ নাযায় যাতে বিদ্যালয়খন বন্ধ নহয়। বিদ্যালয়খন কিয় ৩৬৫ দিনৰ বাবে খোলা ৰখা হৈছে তাকে পৰীক্ষা কৰিবলৈ এনচিইআৰটিৰ এটা বিশেষজ্ঞৰ দল বিদ্যালয়খনলৈ আহিছিল।
Dattatreya নামৰ শিক্ষকগৰাকীয়ে কয়, ” মই ১১ বছৰ আগতে এই বিদ্যালয়খনত যোগদান কৰিছিলো। প্ৰথমে ইয়াত এটা পুৰণি অট্টালিকা আৰু চাৰিটা কোঠা আছিল। সঁচাকৈ ক’বলৈ গ’লে, বিদ্যালয়খন সম্পূৰ্ণৰূপে নিষ্প্ৰাণ আছিল। মই কেনেকৈ বিদ্যালয়খনলৈ জীৱনটো ঘূৰাই আনিব লাগে সেই বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিলো। প্ৰথমে এখন বাগিচা নিৰ্মাণ কৰিলো। বিদ্যালয়ৰ প্ৰতিটো কোঠাৰ দেৱালত ধুনীয়া ছবি অংকন কৰিলো। মাটিৰ পৰা পুতলা তৈয়াৰ কৰি সেইবোৰ স্কুলত ৰখাৰ ব্যৱস্থা কৰিলো। “
“মই যেতিয়া বিদ্যালয়খনৰ পৰিৱেশ সলনি কৰি দিছিলো, তেতিয়াই লক্ষ্য কৰিছিলো যে শিশুসকলৰ আগ্ৰহো যথেষ্ট বৃদ্ধি পাইছে। মই তেতিয়াই সিদ্ধান্ত লৈছিলো যদি পঢ়া-শুনাৰ বাহিৰেও বেলেগ আৰু কিবা কৰিব পাৰি নেকি? ইয়াৰ পিছত, মই শিক্ষাৰ্থীসকলক বিভিন্ন সৃষ্টিশীল কামত জড়িত কৰি ৰাখিবলৈ চেষ্টা কৰোঁ।যেনে- হাতৰ কাম, বাগিচা, কম্পিউটাৰ শিক্ষা, সংগীত আদিৰ শিক্ষাদান কৰিও ব্যস্ত ৰাখোঁ। অধ্যয়নৰ বাহিৰেও মই তেওঁলোকৰ মাজত অন্য এখন পৃথিৱী গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ। ”
Dattatreya এ কৈছিল, ”প্ৰতি বছৰে এই বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ আধা সংখ্যক শিক্ষাৰ্থীয়ে ৰাজ্যৰ বৃত্তি পৰীক্ষাত ভাল প্ৰদৰ্শন কৰে। শিক্ষাৰ্থীসকলো অতি কম বয়সতে সকলো দিশতে নিপুণ। ইমান কম বয়সীয়া শিক্ষাৰ্থীসকলে তেওঁলোকৰ বয়সতকৈ ইমান বেছি কেনেকৈ জানে? এইয়ে লৈ বহুতৰ মনত এতিয়া কৌতূহল।
শিক্ষক দম্পতীৰ এই প্ৰচেষ্টা দেখি গাওঁবাসীসকলো আগবাঢ়ি আহিছে। বৰ্তমান গাঁওবাসীয়ে বিভিন্ন ধৰণে বিদ্যালয়খনলৈ সহায় আগবঢ়াই আহিছে।
অহা বছৰ শিক্ষক Dattatreya অৱসৰ ল’ব। তেওঁৰ পত্নী Bebinandaৰ চাকৰিৰ কাৰ্যকাল চাৰিবছৰ আছে। অৱশ্যে, শিক্ষক দম্পতীয়ে কয় যে অৱসৰৰ পাছতো তেওঁলোকে এই বিদ্যালয়ত শিক্ষাদান অব্যাহত ৰাখিব।