ম্যানমাৰ জনতাই এতিয়া হাবিয়ে জংঘলে অঘৰী জীৱন কটাব লগা হৈছে

নিউজ ডেস্ক: সামৰিক শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত উত্তাল হৈ থকা ম্যানমাৰৰ আৰক্ষীৰ চাৰিটা বেটেলিয়নৰ ওপৰত দক্ষিণ পূৱ এছিয়াৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিয়ে আক্ৰমণ সংঘটিত কৰিছে।

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰিত সেনা অভ্যুত্থানৰ যোগেদি জুণ্টাই ম্যানমাৰৰ শাসন হস্তগত কৰাৰ দিনাৰ পৰাই দেশখনত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত নিৰস্ত্ৰ ম্যানমাৰী জনতাই বিশাল গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিছে। ম্যানমাৰ সেনাই নিৰ্মমভাৱে গুলীচালনা কৰি শিশুসহ ৪০০ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যাও কৰিছে।

ম্যানমাৰে নিষিদ্ধ কৰি থোৱা সন্ত্ৰাসবাদী সংগঠন কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মি(KIA)এ ম্যানমাৰ আৰক্ষীৰ বেটলিয়নৰ ওপৰত কাচিনৰ অন্তৰ্গত হপকান্টৰ চহৰ এলেকাত আক্ৰমণ কৰাৰ তথ্য প্ৰকাশ পাইছে ম্যানমাৰৰ স্থানীয় সংবাদ মাধ্যমত ।
এই আক্ৰমণত ম্যানমাৰ আৰক্ষীৰ বেটেলিয়নৰ ২০ জনৰো অধিক জোৱানৰ মৃত্যু হৈছে বুলি দাবী কৰিছে স্থানীয় সূত্ৰই।
তিনিঘণ্টা জুৰি অতৰ্কিতে চলোৱা আক্ৰমণত KIAএ আৰক্ষীৰ পৰা অস্ত্ৰ-শস্ত্ৰ লৈ যোৱাৰো খবৰ ওলাইছে |
আনহাতে ম্যানমাৰৰ দক্ষিণ অঞ্চলত বিদ্ৰোহী সংগঠন কাৰেন নেশ্যনেল ইউনিয়নে (KNU) জুণ্টাৰ শাসন বিৰোধিতা কৰাৰ লগতে সংগঠনটোৰ অধীকৃত অঞ্চলত ম্যানমাৰৰ সেনাৰ উপস্থিতিক লৈ আপত্তি কৰিছে।KNUৰ সশস্ত্ৰ গোট কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মি(KNLA)এ জুণ্টাৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰি অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়া বুলি প্ৰকাশ পাইছে।KNLAয়ে এই আক্ৰমণৰ প্ৰত্যুত্তৰত KNUৰ অধ্যুষিত অঞ্চলত বায়ু সেনাৰ বিমানেৰে আক্ৰমণ কৰে।
এই ঘটনাৰ পিছত হাজাৰ হাজাৰ লোক ম্যানমাৰ সীমান্ত অতিক্ৰম কৰি থাইলেণ্ডলৈ পলায়ন কৰাৰ কথা প্ৰকাশ কৰিছে সংবাদ সংস্থা ৰয়টাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply