কোচবিহাৰ : চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ কোচবিহাৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দিঘলটাৰী বিএছএফ কেম্প এলেকাত কাঁইটীয়া তাঁৰৰ বেৰা অতিক্ৰম কৰি ভাৰতলৈ প্ৰৱেশ কৰাৰ চেষ্টা চলাই ধৰা পৰিল তিনিজন বাংলাদেশী শ্ৰমিক। বিএছএফে বাংলাদেশৰ তিনি শ্ৰমিকক আটক কৰি বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ হাতত গতাই দিয়ে।

প্ৰাপ্ত বাতৰি মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত বাংলাদেশৰ তিনিজনীয়া শ্ৰমিকৰ দল এটা দিঘলটাৰী বিএছএফ কেম্প এলেকাৰ কাঁইটীয়া তাঁৰৰ বেৰ থকা ভাৰত-বাংলাদেশ সীমান্তৰ ওপৰেদি অবৈধভাৱে বাংলাদেশৰ ফালৰ পৰা ভাৰতৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰে। ঠিক সেই সময়তে সীমান্তত টহল দি থকা ১২৯ বেটেলিয়ান বিএছএফ জোৱানে বাংলাদেশী শ্ৰমিক তিনিজনক সীমান্তৰ পৰাই আটক কৰি সোধা-পোছাৰ অন্তত সীমান্তৰ সিপাৰে থকা বাংলাদেশ গাৰ্ড বৰ্ডাৰ চমুকৈ বিজিবিক খবৰ দিয়ে। সন্ধিয়া প্ৰায় ৭.১০ বজাত বিজিবিৰ দুজনীয়া দল এটা সীমান্তৰ কাষত উপস্থিত হোৱাত দুই দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ আলোচনাৰ অন্তত বাংলাদেশী শ্ৰমিক তিনিজনক বিজিবিৰ হাতত চমজাই দিয়ে।

বাংলাদেশী শ্ৰমিক কেইজনক চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ কুৰিগ্ৰাম জিলাৰ ফুলবাৰী থানা এলেকাৰ ধৰমপুৰ গাঁৱৰ প্ৰয়াত আফতাৰ আলীৰ পুত্ৰ তাইজুল ইছলাম, একেখন জিলাৰ অধীনস্থ নাগেশ্বৰ থানা এলেকাৰ পাৰাদাঙা গাঁৱৰ আব্দুল কৰিম সেখৰ পুত্ৰ আনাৰুল সেখ আৰু একেখন গাঁৱৰ শ্বাহ আলমৰ পুত্ৰ আহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। লুঙী আৰু গামোচা পৰিধান কৰি কিশোৰ এগৰাকীৰ লগত বাংলাদেশী শ্ৰমিক তিনিজনে ভাৰতত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে প্ৰৱেশ কৰাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে। কিন্তু টহলধাৰী বিএছএফে তেওঁলোকক আটক কৰি বিজিবিৰ হাতত গতাই দিয়া ঘটনাই বিশেষ তাতপৰ্য বহন কৰিছে।

সম্প্ৰতি বিএছএফ আৰু বিজিবিয়ে দুই দেশৰ সীমান্তত যাতে অপৰাধ সংঘটিত নহয় তাৰ বাবে এনে বন্দুত্বমুলক কাৰ্যসূচী কিছুদিনৰ পৰা গ্ৰহণ কৰি আহিছে। যোৱা কিছুদিন পূৰ্বে সাঁতজনীয়া বাংলাদেশী নাগৰিকক বিএছএফে বিজিবিৰ হাতত চমজাই দিয়া বুলিও জানিব পৰা গৈছে। একেদৰে অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কিছুদিন পূৰ্বে কাঁইটীয়া তাঁৰৰ সিপাৰৰ পৰা বিজিবি বন্ধু বাচাও বুলি চিঞৰি থকাৰ ফলত বিএছএফে টৰ্চ লাইট ধৰি খেদি যোৱাত দুই বিজিবিৰ প্ৰাণ ৰক্ষা পৰিছিল। বিজিবি জোৱান দুজনক দুস্কৃতিকাৰীয়ে নিশা এন্ধাৰৰ সুযোগ লৈ ঘেৰাও কৰি আক্ৰমণৰ চেষ্টা কৰাত এইদৰে বন্ধু বাচাও বুলি চিঞৰিছিল বুলি বিএছএফ সুত্ৰে জানিব পৰা গৈছে।

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাক আৰক্ষীৰ বৰ্বৰতা আখ্যা মৌলানা বদৰুদ্দিন আজমালৰ

ইফালে ৪৭ বেটেলিয়ান বিএছএফ জোৱান বৃহস্পতিবাৰে পুৱতি নিশা ৰাজ্যখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ অমৃত বিএছএফ কেম্প এলেকাৰ পৰা ২৯.৩ কেজি ভাং আৰু ২৯৫ বটল নিচাজাতীয় কফ শ্বিৰাফ জব্দ কৰে। এই নিচাজাতীয় সামগ্ৰীখিনি এটা দুষ্ট চক্ৰই কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাত টহলধাৰী বিএছএফ ঘটনাস্থলীত উপস্থিত হৈ নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰে। নিচাজাতীয় সামগ্ৰী খিনিৰ বজাৰমুল্য প্ৰায় ৫০ হেজাৰ টকা হ’ব বুলি বিএছএফ সুত্ৰে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply