নিউজ ডেস্ক : সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত তিনি চোৰাং গৰু সৰবৰাহকাৰী। বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰী তিনিজনক উদ্দেশ্যি গুলী চালনা কৰে। নিহত তিনি গৰু সৰবৰাহকাৰী তিনিজনৰ দুজন বাংলাদেশী নাগৰিক।
ভৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ। একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে সীমান্তৰে বাংলাদেশলৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে। নামনি অসমৰ ধুবুৰী আৰু মানকাচৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ভাৰত-বাংলাদেশ সীমান্তৰে গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে।
ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই গৰু জব্দ কৰাৰ লগতে গৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। এইবাৰ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী।
পশ্চিম বংগৰ কোচবেহাৰত ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছে তিনিজন গৰু সৰবৰাহকাৰী। বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰী তিনিজনক উদ্দেশ্যি গুলী চালনা কৰে।
লগতে পঢ়ক : কলগাছিয়াত চলিছে দিনে-নিশাই অবৈধ বালি খনন কাৰ্য
গুলীত গৰু সৰবৰাহকাৰী তিনিজন থিতাতে নিহত হয়। নিহত তিনিজনৰ দুজন গৰু সৰবৰাহকাৰী বাংলাদেশৰ নাগৰিক আৰু এজন ভাৰতীয় নাগৰিক। নিহত ভাৰতীয় নাগৰিকজনৰ নাম প্ৰকাশ বৰ্মন বুলি জানিব পৰা গৈছে।