চৰাইদেউ জিলা আৰক্ষী আৰু ১২ আছাম ৰাইফলচ (ৰেড শ্বীল্ড ডিভিজন)ৰ যুটীয়া অভিযানত আটক তিনি নগা উগ্ৰপন্থী সদস্য ।

আটকাধীন নগা উগ্ৰপন্থী সংগঠন কেইজনৰ নাম টিংলু কন্যাক(২৫), নকেয়ং কন্যাক (২৫) আৰু য়ানু কন্যাক (২৪) বুলি জানিব পৰা গৈছে।

আটকাধীন এজন এন এছ চি এন ৰ খাপলাংপন্থীৰ সদস্য বুলি আৰক্ষীয়ে দাবী কৰিছে । আটক কৰা নগা যুৱক তিনিজনৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ লখুন বস্তিত বুলি জানিব পৰা গৈছে।

আটকাধীন নগা উগ্ৰপন্থী সদস্যকেইজনৰপৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, তিনি ৰাউণ্ড সজীৱ গুলী আৰু তিনিটা মোবাইল ফোন জব্দ।

উগ্ৰপন্থী সদস্য কেইজনৰ বিৰূদ্ধে সোণাৰি আৰক্ষী থানাত 144/21 নম্বৰত এক গোচৰ ৰজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 25(1-A) 35 arms act ৰ অধীনত জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।

লগতে পঢ়ক আজিৰ কেবিনেটত কি সিদ্ধান্ত ল’লে ৰাইজৰ বাবে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply