নিউজ ডেস্কঃ আমেৰিকাৰ এখন খ্ৰীষ্টান বিদ্যালয়ত সোমবাৰে এক গুলীচালনা ঘটনা সংঘটিত হয়। আমেৰিকাৰ টেনেচীৰ নেচভিলৰ স্থিত বিদ্যালয়খনত হোৱা গুলীচালনা ফলত ৬ জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা সকলৰ ভিতৰত বিদ্যালয়খনৰ তিনিজন শিক্ষাৰ্থীও আছিল।
গুলীচালনাৰ ফলত আটাইকেইজন গুলীৰ দ্বাৰা গুৰুতৰভাৱে আহত ততাতৈয়াকৈ মনৰো কেৰেল জুনিয়ৰ চিল্ড্ৰেনছ হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
নেচভিল আৰক্ষীৰ মুখপাত্ৰ ডন এৰনে জনোৱা অনুসৰি, এই আক্ৰমণটো ২৮ বছৰীয়া অড্ৰে হেল নামৰ এগৰাকী কৰিছিল। যি আক্ৰমণ কৰা বিদ্যালয়খনৰে প্ৰাক্তন শিক্ষাৰ্থী আছিল।

আৰক্ষীৰ মুখপাত্ৰ ডন এৰনে এখন সংবাদমেল অনুষ্ঠিত কৰি জনাই যে, আক্ৰমণৰ পিছতেই আৰক্ষী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু ১৫ মিনিটৰ ভিতৰত আক্ৰমণকাৰীজনক হত্যা কৰে। আক্ৰমণকাৰী অড্ৰে হেলে গুলীচালনাৰ বাবে দুটা ৰাইফল আৰু এটা হাতবন্দুক ব্যৱহাৰ কৰিছিল।
লগতে, আৰক্ষীয়ে জনোৱা অনুসৰি, অড্ৰে হেল এজন ট্ৰেন্সজেণ্ডাৰ আছিল। তাই এগৰাকী মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল যদিও তাইৰ লিংকডইন প্ৰফাইল অনুসৰি, তাই নিজকে এজন পুৰুষ হিচাপে চিনাক্ত কৰিছিল আৰু পুৰুষ হিচাপে বাস কৰিছিল।

আক্ৰমণকাৰী অড্ৰে হেলৰ পৰা আৰক্ষীয়ে বিদ্যালয়খনৰ মানচিত্ৰ উদ্ধাৰ কৰাৰ লগতে তাই কেইবাদিনো বিদ্যালয়খন তথ্য সংগ্ৰহ কৰি আছিল বুলি প্ৰমাণ পাইছে। লগতে, আৰক্ষীয়ে কয় যে, অড্ৰে হেলৰ পৰা আৰু কিছুমান নথি পত্ৰ পাইছে য’ত আন এটা স্থানৰ কথা উল্লেখ কৰা আছে কিন্তু তাত উচ্চ নিৰাপত্তাৰ বাবে আক্ৰমণ নকৰাৰ সিদ্ধান্ত লৈছিল অড্ৰেই।

মহিলাগৰাকীয়ে কিয় গুলী চালনা কৰিছিল তাৰ কাৰণ স্পষ্ট নহয় বুলি আৰক্ষীয়ে জানিব দিছে। আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতেই আৰক্ষীৰ দলে বিদ্যালয়ত উপস্থিত হৈ আক্ৰমণকাৰী জনক ঘটনাস্থলীত আৰক্ষীয়ে হত্যা কৰে। তাৰ লগে লগেই বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলক সুৰক্ষিত ভাৱে স্থানান্তৰ কৰি দিয়ে।
লগতে পঢ়ক – সলনি হ’ব ভাৰতীয় সৈন্যবাহিনী খাদ্যৰ তালিকা