প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক : সুৰা বুলি এচিড পান কৰি ৩ জনৰ মৃত্যু। ত্ৰিপুৰাৰ ধলাই জিলাত সংঘটিত হৈছে এই অঘটন। সুৰা বুলি এচিড পান কৰি মৃত্যুমুখত পৰিল ৩ জনকৈ লোক। ৭ জনৰ অৱস্থা সংকটজনক। নৱবৰ্ষক আদৰাৰ নামত লোককেইজনে প্ৰথমে অতিপাত সুৰা পান কৰে। সুৰাৰ ৰাগীত মতলীয়া হৈ তেওঁলোকে সুৰা আৰু এচিড চিনি নোপোৱা হয়।

ইয়াৰ পিছতে সুৰা বুলি এচিডকে পান কৰে তেওঁলোকে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে। বাকী কেইজন লোক চিকিৎসাধীন হৈ আছে।এচিড খাই মৃত্যুমুখত পৰা ৩ জন লোক হৈছে ২২ বছৰীয়া শচীন্দ্ৰ ৰিয়াং, ৪০ বছৰীয়া অধিকাৰ ৰিয়াং আৰু ৩০ বছৰীয়া ভাবিৰাম ৰিয়াং।

লগতে পঢ়ক  : কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ১১৪ গৰাকী অৱসৰী গাঁও প্ৰধানক সম্বদ্ধৰ্না

উল্লেখযোগ্য যে কাঞ্চনচাৰা নামৰ অঞ্চলটোত প্ৰী নিউ য়েৰ চেলিব্ৰেচন হিচাপে এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল য’ত মৃত ব্যক্তিসহ দহজন লোকে যোগদান কৰিছিল। পাৰ্টিত অত্যধিক সুৰা পান কৰাৰ পাছত আটাইকেইজনে ভুলবশতঃ এচিড পান কৰিছিল। তেওঁলোক নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু মদ, এচিডৰ মাজৰ পাৰ্থক্যটো ধৰিব পৰা নাছিল বুলি আৰক্ষীয়ে সদৰী কৰে।নিচাসক্ত হৈ সুৰা বুলি এচিডকে পান কৰাৰ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ত্ৰিপুৰাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply