নিউজ ডেস্ক : দেশত মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে এইবাৰ প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে। প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰাত এটা নিশাৰ ভিতৰতে দেশত মৃত্যু মুখত পৰিছে ৬৮ গৰাকীকৈ লোক। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ৰাজস্থানত বজ্ৰ পৰি এটা নিশাৰ ভিতৰত ৬৮ গৰাকীকৈ লোকৰ মৃত্যু হৈছে।
বজ্ৰপাতৰ ফলত অকল উত্তৰ প্ৰদেশতে মৃত্যুৰ মুখত পৰিছে ৪১ গৰাকী লোক। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সর্বসাধিক ১৪ গৰাকী লোকৰ মৃত্যু হৈছে বজ্ৰপাতৰ ফলত। ইয়াৰ লগতে বজ্ৰ পৰি উত্তৰ প্ৰদেশত ২০০ টা পশুধনৰ মৃত্যু হৈছে।
উত্তৰ প্ৰদেশৰ পিছতে বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক ৰাজস্থানত। ৰাজস্থানত বজ্ৰ পৰি ২০ গৰাকীকৈ লোক মৃত্যুৰ মুখত পৰে দেওবাৰে নিশাৰ ভাগত। ইয়াৰে ১১ গৰাকী লোক গৈছে জয়পুৰৰ।
লগতে পঢ়ক : যোৰহাটত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা প্ৰশাসনৰ
আনহাতে মধ্য প্ৰদেশত বজ্ৰ পৰি মৃত্যুৰ মুখত পৰে ৭ গৰাকী লোক। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত বজ্ৰপাত পৰি ৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ছয়পুৰ আৰু গোৱালীয়াৰত ২ গৰাকীকৈ লোকৰ লগতে শিৱপুৰী, অনুপপুৰ আৰু বেতুল জিলাত ১ জনকৈ লোকৰ মৃত্যু হৈছে।