নিউজ ডেস্ক : গুগলক পিছ পেলাই চলিত বৰ্ষৰ আটাইতকৈ জনপ্ৰিয় ৱেবছাইটৰ খ্যাতি অৰ্জন কৰিছে TikTok-এ। ক্লাউড ছাৰ্ভিছ কোম্পানি ক্লাউডফ্লেয়াৰ (Cloudflare )ৰ শেহতীয়া তালিকাত এই তথ্য প্ৰকাশ পাইছে।

ক্লাউডফ্লেয়াৰৰ বাৰ্ষিক ৰেংকিঙত চীনৰ ছ’চিয়েল ভিডিঅ’ এপ টিকটকে গুগল, ফেচবুক, টুইটাৰ আদিক অতিক্ৰম কৰি বিশ্বৰ ১০ আটাইতকৈ জনপ্ৰিয় ৱেবছাইটৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰে।

উল্লেখযোগ্য যে ২০২০ চনত TikTok উক্ত তালিকাৰ সপ্তম স্থানত আছিল।

২০২১ বৰ্ষৰ ১০ টা আটাইতকৈ জনপ্ৰিয় ৱেবছাইটত হৈছে – TikTok.com, Google.com, Facebook.com Microsoft.com, Apple.com, Amazon.com, Netflix.com, YouTube.com, Twitter.com, WhatsApp.com।

২০২০ বৰ্ষৰ ১০ টা আটাইতকৈ জনপ্ৰিয় ৱেবছাইটত আছিল – Google.com, Facebook.com Microsoft.com, Apple.com, Netflix.com, Amazon.com, TikTok.com, YouTube.com, Instagram.com, Twitter.com।

TikTok -এ দাবী কৰা মতে বৰ্তমান তেওঁলোকৰ মাহেকীয়া এক্টিভ ইউজাৰ্ছৰ সংখ্যা হৈছে ১০০ কোটি। উল্লেখযোগ্য যে ২০২০ চনৰ ২৯ জুনৰ পৰা ভাৰতত টিকটক নিষিদ্ধ কৰা হয়।

লগতে পঢ়ক : টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ব্যতিক্ৰমী প্ৰতিযোগিতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply