উত্তৰাখন্ডৰ মুখ্যমন্ত্ৰী হিচাবে শপত ল'লে তিৰথ সিং ৰাৱতে

নিউজ ডেস্কঃ তিৰথ সিং ৰাৱতে উত্তৰাখন্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰে । ৰাজ্যখন গঠন হোৱা ২০ বছৰত ৰাৱত হ’ল অষ্টম জন মুখ্যমন্ত্ৰী । শপতগ্ৰহণ অনুষ্ঠানত দেখা গ’ল মুখ্যমন্ত্ৰী গৰাকীক গামোছা পৰিহিত অৱস্থাত।
উত্তৰাখণ্ডই পৃথক ৰাজ্যৰ মৰ্যদা লাভ কৰাৰ ২০ বছৰত আঠজন মুখ্যমন্ত্ৰীক লাভ কৰিছে । তেওঁলোকৰ ভিতৰত কেৱল মাত্ৰ এজনে পাঁচ বছৰৰ ম্যাদ সম্পূৰ্ণ কৰিছে । ত্ৰিৱেন্দ্ৰ সিং ৰাৱতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ চাৰি বছৰ পিছতই শেহতীয়াকৈ পদত্যাগ কৰাৰ বাবেই তিৰথ সিং ৰাৱতক মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যই শপতগ্ৰহণ কৰোৱাই ।

৭০ আসনযুক্ত বিধানসভাত ৫৭ জন বিধায়কৰ সৈতে বিজেপিয়ে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত ত্ৰিৱেন্দ্ৰ সিং ৰাৱত উত্তৰাখণ্ডৰ অষ্টমগৰাকী মুখ্যমন্ত্ৰী হৈছিল । চাৰি বছৰ পিচত, সেই বিধায়কসকলৰ প্ৰায় আধাসংখ্যকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱতৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল । অহা বৰ্ষত ৰীজ্যখনত নিৰ্বাচন হোৱালৈ চাই বিজেপিৰ শীৰ্ষ নেতৃত্বই উত্তৰাখণ্ডত নেতৃত্বৰ পৰিৱৰ্তনৰ বিছাৰিছিল । বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ৰমন সিং আৰু বিজেপিৰ উত্তৰাখণ্ডৰ ভাৰপ্ৰাপ্ত দুষ্যন্ত গৌতমক লৈ গঠিত বিশেষ পেনেলৰ আগতো ত্ৰিৱেন্দ্ৰ সিং ৰাৱতৰ বিৰুদ্ধে মন্তব্য কৰিছিল বিদ্ৰোহী বিধায়কসকলে ।
উত্তৰাখণ্ড ২০০০ চনৰ নৱেম্বৰত এক পৃথক ৰাজ্য হিচাপে গঠন কৰা হৈছিল । তেতিয়াৰ পৰা ২০ বছৰত, উত্তৰাখণ্ডত মাত্ৰ এজন মুখ্যমন্ত্ৰীয়ে পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে ।২০ টা বৰ্ষত ৮ গৰাকী মুখ্যমন্ত্ৰী সলনি হৈছে ৰাজ্যখনত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply