নিউজ ডেস্ক : ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে অভিনয় জগতৰ পৰা গৈ ৰাজনীতিত যোগ দিয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী চয়নী ঘোষক হত্যাৰ অপচেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। নেত্ৰী গৰাকীৰ বিৰুদ্ধে শনিবাৰে নিশা ‘খেলা হ’বে’ বুলি আটাহ পাৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবৰ এখন সভাত বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে।

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ যুৱ গোটৰ সম্পাদিকা ঘোষক আগৰতলাৰ এখন আৰক্ষী থানাত জেৰাৰ বাবে উপস্থিত হোৱাৰ পিছতে গ্ৰপ্তাৰ কৰা হয় বুলি মহকুমা আৰক্ষী বিষয়া ৰমেশ যাদৱে জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে ঘোষক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ () আৰু মুখ্য মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দিয়া মন্তব্যৰ বাবে ধাৰা ১৫৩ এ () অধীনত গ্ৰেপ্তাৰ কৰা হয়। নেত্ৰী গৰাকীৰ সৈতে থকা একাংশ লোকে শনিবাৰে নিশা এটা পথৰ দাঁতিত বিল্পব কুমাৰ দেবে অংশগ্ৰহণক কৰা এখন সভাত শিলগুটি দলিয়াইছিল বুলি তেওঁ লগতে কয়।

আন এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে ঘোষৰ বিৰুদ্ধে বিজেপিৰ এগৰাকী কৰ্মীয়ে থানাত এজাহাৰ দাখিল কৰিছিল।

আনহাতে তৃণমূল কৃংগ্ৰেছৰ নেতৃবৰ্গই অভিযোগ কৰা মতে দলটোৰ একাংশ কৰ্মীৰ ওপৰত ‘বিজেপি গুণ্ডা’ই আক্ৰমণ চলাইছিল। তদুপৰি ত্ৰিপুৰাৰ আৰক্ষীৰ ওপৰত উঠা বৰ্বৰতাৰ অভিযোগ সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহক লগ ধৰাৰ উদ্দেশ্য দেওবাৰে নিশা তৃণমূল কংগ্ৰেছৰ এটা সাংসদৰ দল দিল্লীত উপস্থিত হয়।

উল্লেখযোগ্য যে ২০২৩ চনত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ৰাজ্যখনত খোপনি পোতিবলৈ সকলো প্ৰকাৰে চেষ্টা চলোৱা দেখা গৈছে। অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

লগতে পঢ়ক : আলফা (স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply