নিউজ ডেস্ক : পশ্চিমবংগত আজি ঘোষণা হোৱা উপ-নিৰ্বাচনৰ ফলাফলত তৃণমূল কংগ্ৰেছে বিজয় সাব্যস্ত কৰিছে। ৰাজ্যখনৰ দুটা বিধানসভা সমষ্টিত হোৱা উপ নিৰ্বাচনৰ দুয়োখন আসনতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হৈছে।

বিজেপিৰ অধীনত থকা দিনহাটা সমষ্টিত তৃণমূল কংগ্ৰেছৰ উদয়ন গুহয়ে ১,১৪,০৮৬ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকট প্ৰতিদ্বন্দী বিজেপিৰ প্ৰাৰ্থী পলাশ ৰাণায়ে মাত্ৰ ২০,২৫৪ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে খড়দহ বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ শোভন চট্টোপাধ্যায়ে তেওঁৰ নিকট প্ৰতিদ্বন্দী বিজেপিৰ জয় সাহাক ৯৩,৮৩২ ভোটৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

চট্টোপাধ্যায়ে ১,১৪,০৮৬ টা ভোট লাভ কৰাৰ বিপৰীতে সাহায়ে মাত্ৰ ২০,২৫৪ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, মেঘালয়ৰ উপ নিৰ্বাচনৰ ফলাফলত মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন এন পি পিয়ে দুখন আসনত জয়লাভ কৰাৰ বিপৰীতে সহযোগী দল ইউ ডি পিয়ে এখন আসনত জয়লাভ কৰে।

এন পি পিৰ প্ৰাৰ্থী আব্দুছ ছালেহে ৰাজাবালা সমষ্টি আৰু নিয়াইড সিং চিয়েমে মাউৰিংখেং সমষ্টিৰ পৰা জয়লাভ কৰে। আনহাতে ইউ ডি পিৰ প্ৰাৰ্থী ইউজেনচন লিংডোয়ে মাউফ্লাং সমষ্টিৰ পৰা জয়লাভ কৰে।

মিজোৰামত শাসনত থকা মিজো নেশ্যনেল ফ্ৰণ্টে টুইৰিয়াল বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত জয়লাভ কৰে। এম এন এফৰ প্ৰাৰ্থী কে লালডাংলিয়ানাই তেওঁৰ নিকট প্ৰতিদ্বন্দী জেদ পি এমৰ লালথানমায়াক ১,২৮৪ টা ভোটত পৰাস্ত কৰে।

লগতে পঢ়ক : উপ নিৰ্বাচনৰ ফলাফল : তামুলপুৰ আৰু গোসাঁইগাঁওত ইউ পি পি এলৰ আধিপত্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply