নিউজ ডেস্ক : মাত্ৰ ৬১ বৰ্গ কিলোমিটাৰৰ দেশ চান মাৰিনো (San Marino)য়ে সম্প্ৰতি এক বিশেষ কাৰণৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৬১ বছৰৰ অপেক্ষাৰ অন্তত প্ৰথমবাৰৰ বাবে অলিম্পিকত পদক অৰ্জন কৰি এই ক্ষুদ্ৰ দেশখনে ইতিহাস ৰচনা কৰিলে।
ইটালীয়ে সকলো ফালৰ পৰা আগুৰি থকা মাত্ৰ ৩০,০০০ মানৰ জনসংখ্যাৰ এই দেশখনৰ খেলুৱৈ সকলে চলিত টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰৰ অলিম্পিক প্ৰতিযোগিতাত দেশখনৰ ৫জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।
যোৱা বৃহস্পতিবাৰে দেশখনৰ শ্বুটাৰ আলেকজেন্দ্ৰা পেৰিলি মহিলাৰ শ্বুটিং ট্ৰেপ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছতে শনিবাৰে মিক্সড টীম ট্ৰেপ ইভেণ্টত আলেকজেন্দ্ৰা পেৰিলি আৰু জিয়ান মাৰ্কো বাৰ্টিয়ে দেশখনৰ বাবে ৰূপৰ পদক বোটলি আনে।
মিক্সডত স্পেইনৰ ফাটিমা গালভেজ আৰু এলবাৰ্টো ফাৰ্নানডেজে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, চান মাৰিনোয়ে ১৯৬০ চনত প্ৰথম অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আজিলৈকে কোনো এগৰাকী প্ৰতিযোগীয়ে পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
লগতে পঢ়ক :