নিউজ ডেস্ক : টকিঅ’ পেৰালিম্পিত ভাৰতে অৰ্জন কৰিলে আন এটা স্বৰ্ণ। শনিবাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ প্ৰমোদ ভগতে স্বৰ্ণ অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে।
ইয়াৰ ফলত ভাৰতৰ পদকৰ সংখ্যা ১৬ টালৈ বৃদ্ধি পায়, ইয়াৰে ভিতৰত ৪ টা সোণৰ পদক আছে।
উল্লেখযোগ্য যে প্ৰমোদ ভগতৰ জৰিয়তে ভাৰতে পেৰালিম্পিকৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ অৰ্জন কৰিবলৈ হ’ল।
আজিৰ খেলত প্ৰমোদ ভগতে গ্ৰে’ট ব্ৰিটেইনৰ দেনিয়েল বেথেলক ২১-১৪, ২১-১৭ ছেটত পৰাস্ত কৰে।
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰ্ণ অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰবোদ ভগতক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ জৰিয়তে তেওঁ সমগ্ৰ দেশবাসীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা বুলি টুইটাৰ যোগে প্ৰধান মন্ত্ৰীয়ে কয়।