নিউজ ডেস্কঃ পুনৰ টোলগেটৰ মাচুল বৃদ্ধি কৰিবলৈ সাজু হৈছে কেন্দ্ৰ চৰকাৰে। ইতিমধ্যে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি অহা এপ্ৰিলৰ মাহৰ পৰা টোলগেটৰ মাচুল ৫ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সূ্ত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, ৪ চকীয়া আৰু লঘু বাহনৰ ক্ষেত্ৰত ৫ শতাংশ কৰ বৃদ্ধি আৰু গধুৰ বাহনৰ ক্ষেত্ৰত ১০ শতাংশ কৰ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।
২০২২ চনত টোলগেটৰ মাচুল ১০ ৰ পৰা ১৫ শতাংশৰ ভিতৰত বৃদ্ধি কৰা হৈছিল, যাৰ ফলত টোলগেটৰ মাচুল ১০ টকাৰ পৰা ৬০ টকালৈ বৃদ্ধি হৈছিল ।
তথ্য অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংগ্ৰহ কৰা টোল কৰৰ পৰিমান আছিল ৩৩,৮৮১.২২ কোটি টকা ।
উল্লেখযোগ্য যে, কেন্দ্ৰইয়ে টোলগেটৰ মাচুল প্ৰত্যেক বছৰে কেৱল বৃদ্ধিহ কৰিছে। বৰ্তমানও এনে বহু ৰাষ্ট্ৰীয় ঘাইপথ আছে য’ত এতিয়াও পথৰ অৱস্থা একেবাৰে শুচনীয়। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেই দুৰাৱস্থা।