নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত কোনোবা নহয় কোনোবা এটা ভিডিঅ’ সদায়ে ভাইৰেল হয়। কিন্তু কিছুমান বিশেষ ভিডিঅ’ৱে মানুহৰ অন্তৰ চুই যায়। শেহতীয়াকৈ ভাইৰেল হোৱা দক্ষিণ ভাৰতৰ এগৰাকী আৰক্ষীৰ এটা ভিডিঅ’ৱে সকলোৰে অন্তৰ স্পৰ্শ কৰি গৈছে। আৰক্ষী গৰাকীৰ সততা আৰু নিষ্ঠাক সকলোৱে শলাগ লৈছে।
ভিডিঅ’টোত দেখা গৈছে ৰাস্তাত বহুতো সৰু সৰু শিল পৰি আছে যাৰ বাবে ৰাস্তাৰে অহা-যোৱা কৰা লোকসকলে সমস্যাৰ সন্মুখীন হৈছে। সেই পথেৰে অহা-যোৱা কৰা লোকসকলে যাতে কষ্ট ভোগ কৰিব নালাগে, ইয়াৰ বাবে কৰ্তব্যৰত এজন ট্ৰেফিকে ঝাড়ুৰ সহায়ত ৰাস্তাত পৰি থকা শিলবোৰ আঁতৰাই আছে।
কোনো লোকে ম’বাইলত এই ভিডিঅ’টো ৰেকৰ্ডিং কৰি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে লগতে ভিডিঅ’টোৰ কেপচনত লিখে, “সকলো লোক ইমান দায়বদ্ধ নহয়, এই আৰক্ষী গৰাকীক অভিবাদন জ্ঞাপন কৰিছো।”
এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি ছ’চিয়েল মিডিয়াত বহুজনে আৰক্ষীগৰাকী প্ৰশংসাৰে উপচাই দিছে। ভিডিঅ’টো এতিয়ালৈকে ৯ মিলিয়নতকৈও অধিক লোকে লাইক কৰিছে। আৰক্ষীগৰাকীৰ এই ভিডিঅ’টোৱে সমাজৰ প্ৰতি এগৰাকী লোকৰ দায়বদ্ধতাৰ দিশটোকে সোঁৱৰাই দিছে।
লগতে পঢ়কঃCovidUpdate: ভাৰতত ২৪ঘন্টাত ক’ভিডৰ সংক্ৰমণৰ হাৰ ৩৬% লৈ বৃদ্ধি, দৈনিক আক্ৰান্ত ১২,২১৩ জন