গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। কিদৰে দুৰ্ঘটনা সংঘটিত হ’ল, তাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৰে’ল বিভাগে।প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ পৰিস্থিতি অধ্যয়ন কৰিছে।
যান্ত্ৰিক বিজুতিৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছিল বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ এই তথ্য।

ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৰেল বিভাগে। চৰকাৰে নিহতসকলক ৫ লাখ, গুৰুত্বৰ বাবে আহতক ১ লাখ, সাধাৰন ভাবে আহতক ২৫ হাজাৰ টকা এককালীন সাৰ্হায্য আগবঢ়োৱা হৈছে।

স্থানীয় লোকে ঘটনাৰ পিছতে জনোৱা মতে, হঠাৎ বিকট শব্দ শুনিবলৈ পাই তেওঁলোকে। আৰু তাৰ পিছতে ৰে’লখনৰ কেইবাটাও ডবা লাইনচ্যুত হোৱা দেখিবলৈ পায়।

আনহাতে অসমলৈ বিশেষ ৰেলৰ সহায়ত অহা ২০ গৰাকী যাত্ৰীৰ মাজতো আছে বহু কেইজন আহত। এই আহতসকলৰো প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটীত আহি উপস্থিত হোৱা সকলো যাত্ৰীয়েই যাতে সুৰক্ষিত ভাৱে নিজ গৃহত গৈ উপস্থিত হ’ব পাৰে তাৰ বাবে ১০ খনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে।

পৰিবহণ বিভাগৰ উদ্যোগত এই ব্যৱস্থা হাতত লোৱা হৈছে। বিশেষ ৰে’লৰ জৰিয়তে অসমত আহি উপস্থিত হোৱা লোকসকলৰ সম্পূৰ্ন দিশ তদাৰক কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

লগতে পঢ়ক- টীয়কৰ কাকজান বামকুকুৰাচোৱা গাৱৰ ৰাইজে একেলগে প্ৰজ্বলন কৰিলে মাঘ বিহুৰ মেজি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply