প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক : সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে ত্ৰিপুৰাত ব্যাপক অব্যাহত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে। যোৱা ২৬ জুনত বি এছ এফৰ এটা দলে চলোৱা এক বিশেষ ড্ৰাগছ বিৰোধী অভিযানত ২০ লাখতকৈ অধিক টকাৰ ড্ৰাগছ জাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে ২জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

এক সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীৰ সৈতে বি এছ এফৰ এটা দলে উত্তৰ ত্ৰিপুৰা ধৰ্মনগৰ আৰক্ষী থানাৰ অধীনৰ পশ্চিম চন্দ্ৰপুৰ গাঁৱত এক যুটীয়া অভিযান চলাই তাজুদ্দিন (২৬ বছৰ) নামৰ এজন লোক ঘৰৰ পৰা ৬.৭৫ লাখ টকা মূল্যৰ ১৩.৫০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে।

লগতে পঢ়ক : ক’ভিডত স্বামীক হেৰোৱা বিধৱাই লাভ কৰিব ২.৫ লাখ টকাৰ আৰ্থিক সাহায্য

ইয়াৰ উপৰি উক্ত আটকাধীন লোকজনৰ ঘৰৰ পৰা ৬৩,৮১০ টকা আৰু ১৫ মোবাইল ফোন জব্দ কৰা হয়। জব্দ কৰা গোটেই সামগ্ৰীখিনিৰ মূল্য ৭,৮৪,৬১০ টকা।

একে দিনাই বি এছ এফৰ দলে এখন টাটা মেজিক ভানৰ পৰা ২৪০টা য়াবা টেবলেট জব্দ কৰাৰ লগতে ভাৰতীয় টকা, এটা মোবাইল ফোন আৰু টি আৰ-০৬-২৭১৩ নম্বৰৰ টাটা মেজিক ভানসহ ৮,২১,১৬০ টকাৰ সামগ্ৰী জব্দ কৰে। পিছত, বি এছ এফৰ দলটোৱ টাটা মেজিকখনৰ চালকজনক আটক কৰি চম্পাহোৰ আৰক্ষী থানাত গতাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply