নিউজ ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই বিষয়ে অৱগত কৰে।
সকলোকে তেওঁ কভিড নীতি-নিয়ম মানি চলি সুৰক্ষিত থাকিবলৈ ছচিয়েল মিডিয়াযোগে আহ্বান জনাইছে।
আৰু পঢ়কঃ তেজপুৰ বিশ্ববিদ্যালয়ত কৰোণা সংক্ৰমণ
বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। চিকিৎসকৰ পৰামৰ্শ মতে ঘৰতে চিকিৎসা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ইফালে মিজোৰামতো ৯ টাকৈ নতুন কোভিড-১৯ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷
শেহতীয়াকৈ এগৰাকী ৫৯ বছৰীয়া মহিলা আৰু ৬২ বছৰ বয়সীয়া এজন পুৰুষৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰিছে।
দুয়োগৰাকীৰে শৰীৰত কৰোণা ভাইৰাছৰ কোনো ধৰণৰ লক্ষণে দেখা দিয়া নাছিল।