নিউজ ডেস্কঃ ত্ৰিপুৰাত অৰ্ধ শতাধিক সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰাজ্যখনৰ মুঠ ৫৬টা সংগঠনৰ সমূহ ৰোমন স্ক্ৰিপ্ট ফৰ কোকবোৰোক-চৌবা চমুকৈ আৰএছকেচিয়ে উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

আৰএছকেচিৰ অধ্যক্ষ বিকাশ ৰায় দেৱবাৰ্মাই শুকুৰবাৰে সাংবাদিকৰ আগত কয় যে- ‘আৰএছকেচি হিন্দীৰ বিৰুদ্ধে থিয় হোৱা নাই। কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, বিশেষকৈ ত্ৰিপুৰাত হিন্দী ভাষাক জোৰজবৰদস্তি বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰহে বিৰোধিতা কৰিছে।’

লগতে তেওঁ কয়- ‘হিন্দী ভাষা ৰাজ্যখনত এটা বিষয় আৰু আৰএছকেচিৰ মতে, উত্তৰ-পূৰ্বাঞ্চলত হিন্দীক বাধ্যতামূলক কৰাতো সংবিধানৰ উলংঘন কৰাৰ বাদে আন একো নহয়। উত্তৰ-পূৰ্বাঞ্চলবাসী শান্তিপ্ৰিয়। কিন্তু কেন্দ্ৰীয় চৰকাৰে হিন্দী বাধ্যতামূলক কৰাতো ভুল সিদ্ধান্ত হ’ব।’ বিকাশ ৰায় দেৱবাৰ্মাই কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলত হিন্দী ভাষা বাধ্যতামূলক নকৰিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply