নিউজ ডেস্ক : দুজন জোৱানৰ মাজত সূত্ৰপাত হোৱা কাজিয়াৰ পৰিণতিত ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)-ৰ দুজন জোৱান নিহত হোৱাৰ লগতে আন এজন জোৱান আঘাতপ্ৰাপ্ত হয়। বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোমাই জিলাত এই ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে, সীমান্তত পহৰা দি থকা দুজন জোৱানৰ মাজত কিবা কথাক লৈ কাজিয়াৰ আৰম্ভণি হয়। ইয়াৰ মাজতে উত্তেজিত এজন জোৱানে তেওঁৰ জ্যেষ্ঠ জোৱানজনক গুলীয়াই হত্যা কৰাৰ লগতে যেনি-তেনি গুলীচালনা কৰে।

উক্ত গুলীচালনাত কেম্পটোৰ দায়িত্বত থকা এজন জোৱানৰ ভৰিত গুলী লাগে।

পিছত হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা জোৱানজনক নিয়ন্ত্ৰণ কৰিবলৈ শিবিৰটোৰ প্ৰহৰী গৰাকীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰাত উক্ত জোৱানজনৰ থিতাতে মৃত্যু হয়।

আহত বি এছ এফ জোৱানজনক চিকিৎসাৰ বাবে আৰগতলাৰ জি বি পি হস্পিতাললৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে।

নিহত জোৱান দুজনক বি এছ এফৰ ২০ নং বেটেলিয়নৰ মুখ্য কনিষ্টবল সতবীৰ সিং আৰু কনিষ্টবল প্ৰতাপ সিং বুলি চিনাক্ত কৰা হৈছে। আহত জোৱানজনক ৰাম কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : মটৰ চাইকেলত গাৱেঁ গাৱেঁ অনলাইনৰ সামগ্ৰী বিক্ৰী কৰি অৰ্থ উপাৰ্জনত ব্যস্ত লিজা ভূঞাঁ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply