নিউজ ডেস্ক: ত্ৰিপুৰাত অবৈধ সম্পৰ্ক চলাই থকাৰ সন্দেহত একাংশ লোকে এহাল পুৰুষ মহিলাক গছত বান্ধি মাৰপিট চলোৱাৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ সিপাহীজলা জিলাৰ উক্ত ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এদল লোকে দুয়োগৰাকীকে প্ৰহাৰ কৰি থকা এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত পুৰুষজনে বাৰম্বাৰ মহিলা গৰাকী তেওঁ দূৰ আত্মীয় হয় বুলি কৈ থকা শুনা যায়।

বুধবাৰে নিশা আৰক্ষীৰ এটা দলে ঘটনাৰ খবৰ লাভ কৰি গোলাঘাটি অঞ্চলৰ পাউপাৰা অঞ্চলত উপস্থিত লোক দুজনক উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

ঘটনা সম্পৰ্কত ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, ‘গোলাঘাটিত সংঘটিত উক্ত ঘটনাটো সম্পৰ্কে অৱগত হোৱাৰ পিছতে সিপাহীজলাৰ আৰক্ষী অধীক্ষক এটা গোচৰ ৰুজু কৰি তদন্ত চলাবলৈ নিৰ্দেশ দিয়া হয়।’

আৰক্ষীৰ সূত্ৰই জনোৱা মতে এগৰাকী গাড়ী চালক হিচাপে কাম কৰা পুৰুষজনে মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে গাঁৱৰ একাংশ লোক তাত উপস্থিত হৈ দুয়োকে ঘৰৰ বাহিৰলৈ টানি আনি এজোপা গছত বান্ধি মাৰপিট আৰম্ভ কৰে।

ত্ৰিপুৰা মহিলা আয়োগৰ অধ্যক্ষ বৰ্ণালী গোস্বামীয়ে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

লগতে পঢ়ক – উৰণীয়া সেঁতু নিৰ্মাণৰ নামত বন ধ্বংস কৰা কাৰ্যত প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply