নিউজ ডেস্ক- বৰ্তমান দেশত টি আৰ পিক লৈ চলি আছে নানা ধৰণৰ হেৰফেৰ। ইয়াৰ বাবে অচিৰেই কেন্দ্ৰীয় চৰকাৰে TRPক লৈ নতুন গাইডলাইন মুকলি কৰিব। লগতে OTT প্লেটফৰ্মত চলি থকা বিভিন্ন ৱেব চিৰিজত মাত্ৰাধিক অশ্লীলতাৰ পয়োভৰ বাবে কেন্দ্ৰই হাতত ল’ব কিছু ব্যৱস্থা। এই কথা শেহতীয়াকৈ স্পষ্ট কৰি দিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰে।
উল্লেখ্য় যে, TRPক লৈ শেহতীয়াকৈ নানা ধৰণৰ দুৰ্নীতি সংঘটিত হৈ অহাৰ বাতৰি প্ৰকাশ পাইছিল। এই সন্দৰ্ভত নতুন গাইডলাইনক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, শুদ্ধ আৰু সঠিক TRPৰ বাবে বাৰ্কৰ বিশেষ সমিতিয়ে সকলো পবিত্ৰতা বজাই ৰখা হব বুলি আমাক কৈছে। তেওঁলোকে বাৰ্কৰে দুৰ্নীতি লিপ্ত কৰ্মচাৰীসকলৰ বিৰুদ্ধে ১১খনকৈ এজাহাৰো ৰুজু কৰিছে।
ইণ্টাৰনেট আৰু ম’বাইল এছোচিয়েচন অফ ইণ্ডিয়া শেহতীয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এক পেনেল প্ৰস্তুত কৰি নতুন গাইড লাইনৰ সন্দৰ্ভত সকলোখিনি কৰিব।
ৱেব পৰ্টেল বোৰৰ ওপৰত নাকী লগাবৰ বাবেও ব্যবস্থা লোৱাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে | আগতে আই টি বিভাগৰ অধীনত থকা ৱেব পৰ্টেল সমূহ বৰ্তমান তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ যোৱাৰ পিছত বৰ্তমান সময়ত ইয়াক লৈ নতুন বিধি শীঘ্ৰেই প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰে ।