প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

আমেৰিকাৰ জনতাই প্ৰত্যাখান কৰাৰ পিছতো দম্ভ এৰা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এইবাৰ
টুইটাৰ–ফেচবুকক লৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সৰৱ হোৱা দেখা গৈছে। নাইজেৰিয়াই টুইটাৰ নিষিদ্ধ কৰাৰ পিছতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ আন দেশেও টুইটাৰ আৰু ফেচবুকক নিষিদ্ধ কৰিবলৈ মন্তব্য কৰিছে ।

এক বিবৃতি যোগে ট্ৰাম্পে দেশসমূহক টুইটাৰ আৰু ফেচবুক বন্ধ কৰিবলৈ আহ্বান জনায়।আনহাতে ট্ৰাম্পে নাইজেৰিয়ান চৰকাৰে টুইটাৰ নিষিদ্ধ কৰাৰ বাবে দেশখনক আদৰণি জনায়। তেওঁৰ মতে বিশ্বৰ আন দেশসমূহেও নাইজেৰিয়াক অনুসৰণ কৰা উচিত। ৰাষ্ট্ৰপতি হৈ থাকোতে ফেচবুক আৰু টুইটাৰত বিভিন্ন পোষ্ট দিয়া ট্ৰাম্পক টুইটাৰে স্থায়ীভাৱে নিষিদ্ধ কৰিছে।

ফেচবুকতো তেওঁৰ নিষেধাজ্ঞা আৰু দুবছৰৰ বাবে বৃদ্ধি কৰিছে। সততে ছ’চিয়েল মিডিয়াত এক্টিভ হৈ থকা ট্ৰাম্প সামাজিক মাধ্যমত নিষিদ্ধ হোৱাৰ পিছৰে পৰা খঙত তিঙিৰি তুলা হৈ আছে। কাৰণ তেওঁ আগৰ দৰে অনুৰাগী আৰু সমৰ্থকৰ সৈতে যোগাযোগ ৰাখিবলৈ সক্ষম হোৱা নাই ।


ফলস্বৰূপে, তেওঁ এতিয়া বিভিন্ন বিষয়ত সঁহাৰি দিবলৈ কাগজৰ আশ্ৰয় ল’ব লগা হৈছে। ছ’চিয়েল মিডিয়াত সকলো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ মুক্ত সুযোগ আছে বুলি নিজৰ মতামত ব্যক্ত কৰি ট্ৰাম্পে কয় যে যদি টুইটাৰ–ফেচবুক বন্ধ কৰা হয়, তেন্তে আনবোৰ সামাজিক মাধ্যমৰ পথ মুকলি হ’ব।

লগতে পঢ়ক কোকৰাঝাৰত ৰহস্যজনকভাৱে গছত চিপজৰী লোৱা ঘটনাত পাঁচজনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply