নিউজ ডেস্ক : টুনিছিয়াত এখন নাওঁ দুৰ্ঘটনাত পতিত হৈ কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ জনতকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।
দেশখনৰ চৰকাৰী সংবাদ সংস্থাই সদৰী কৰা মতে বৃহস্পতিবাৰে আফ্ৰিকাৰ পৰা ইউৰোপলৈ প্ৰবজন কৰিবলৈ যোৱা অৱস্থাত ভূমধ্য সাগৰৰ উপকূলত সংঘটিত হয় উক্ত কৰুণ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰোৱা আৰু সন্ধানহীন হৈ থকা লোকসকল প্ৰব্ৰজনকাৰী আছিল।
দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নৌ আৰু উপকুলৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে বাতৰি যুগুত কৰা পৰ্য্যন্ত প্ৰায় ৩৪ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে উত্তৰ আফ্ৰিকাৰ পৰা দক্ষিণ ইটালীলৈ যোৱা ভূমধ্য সাগৰৰ এই সাগৰীয় পথদি বৃহৎ হাৰত লিবিয়া, টুনিছিয়া আদি দেশৰ পৰা ইউৰোপলৈ প্ৰব্ৰজন ঘটি আহিছে। যেৱা বছৰ সাগৰীয় পথেৰে ৬০,০০০ লোকে ইটালীলৈ প্ৰব্ৰজন কৰিছিল।
ইয়াৰে প্ৰায় ১২০০ লোকৰ যাত্ৰাৰ পথতে মৃত্যু ঘটাৰ লগতে সন্ধানহীন হৈছে।
লগতে পঢ়ক – অসম-অৰুণাচল সীমান্তত গুলীচালনা; পথ-নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনা