নিউজ ডেস্ক : কিশোৰী ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ সৈছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা পাৰ্ল পুৰি। শুকুৰবাৰে নিশা মুম্বাই আৰক্ষীয়ে অভিনেতাজনক গ্ৰেপ্তাৰ কৰে।
শনিবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মিৰা ভয়ান্দৰ-বাচাই বিৰাৰ (MBVV) আৰক্ষীয়ে আম্বলি আৰক্ষী থানাৰ এটা দলৰ সহযোগত অভিনেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কিশোৰী গৰাকীৰ পৰিয়ালে দিয়া এখন এজাহাৰৰ ভিত্তিত বাচাইৰ ৱালিব আৰক্ষী থানাত অভিনেতাজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।
লগতে পঢ়ক : কালী মন্দিৰৰ চৌহদত মাংসৰ টুকুৰা; ধুবুৰীত ৫জনক গ্ৰেপ্তাৰ
অভিনেতাজনক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ (ধৰ্ষণ) আৰু POCSO (Protection of Children from Sexual Offences) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।
পাৰ্ল পুৰিয়ে নাগিন ৩, বেপনাহ প্যাৰ, ব্ৰহ্মৰক্ষাস ২ আদি ধাৰাবাহীকত অভিনয় কৰিছিল।