নিউজ ডেস্ক : Twitterৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে এইগৰাকী ভাৰতীয়ই। বৰ্তমানৰ চি ই অ’ তথা সহ প্ৰতিষ্ঠাপক জেক দাৰ্ছিয়ে টুইটাৰৰ পৰা পদত্যাগ কৰাৰ পিছতে ভাৰতীয় মূলৰ পৰাগ আগৰৱালে প্ৰতিষ্ঠানটোৰ নতুন চি ই অ’ হিচাপে দায়িত্ব লয়।

আই আই টি বোম্বেৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা পৰাগ আগৰৱালে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ব বিদ্যালয়ৰ পৰা পি এইচ ডি গ্ৰহণ কৰিছিল।

২০১১ চনত টুইটাৰত যোগদান কৰা আগৰৱালে তাৰ পূৰ্বে Microsoft, Yahoo আদি প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল। ৩৭ বছৰীয়া আগৰৱালে ২০১৭ চনত টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া (চি টি অ’)-ৰ দায়িত্ব লৈছিল।

লগতে পঢ়ক : ছাত্রীক যৌন আতিশয্য চলাই ৰঙাঘৰত সোমাল শিক্ষক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply