নিউজ ডেস্কঃ কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৱে ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে। এনে কঠিন পৰিস্থিতিত ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে টুইটাৰে ।
মাইক্ৰ’ব্লগিং ছাইট টুইটাৰে ভাৰতত কোভিড-১৯ৰ সংকটৰ সময়ত ১৫ নিযুত আমেৰিকান ডলাৰ অৰ্থাত ভাৰতীয় মুদ্ৰাত প্ৰায় ১১০ কোটি টকা দান কৰিছে।
টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক পেট্ৰিক ড’ৰছে সোমবাৰে টুইট কৰি কয় যে এই সাহাৰ্য্য তিনিটা বেচৰকাৰী সংগঠন স্বেচ্ছাসেৱী সংস্থা কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেছনেল আমেৰিকা যুক্তৰাষ্ট্ৰলৈ দান কৰা হৈছে।
বিগত দুদিন ধৰি দেশত কোভিড আক্ৰান্ত সামান্য হ্ৰাস পাইছে। অৱশ্যে, আক্ৰান্তৰ সংখ্যা এতিয়াও ৩লাখতকৈ অধিক । দেশৰ ভিতৰত সকলোতকৈ বেছি আক্ৰান্তৰ হৈছে কৰ্ণাটকত।
মহাৰাষ্ট্ৰক অতিক্ৰম কৰি কৰ্ণাটকত নতুনকৈ আক্ৰান্ত ৩৯,৩০৫ জন আৰু মৃত্যু হৈছে ৫৯৬ টা সোমবাৰ পৰ্যন্ত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ৩৭,২৩৬ জন আৰু মৃত্যু হৈছে ৫৪৯ জনৰ। কেৰালাত নতুনকৈ আক্ৰান্তৰ সংখ্যা ২৭,৪৮৭ জন।
আৰু পঢ়কঃ২বছৰীয়া সন্তানৰ সৈতে টেক্সিৰ ভিতৰতেই দুদিন কটাবলগীয়া হ’ল কৰোনাক্ৰান্ত মহিলা
কৰোনাৰ এই জটিল পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ভাৰতক বিদেশৰ পৰা বহু সাহাৰ্য্য লাভ কৰিছে।
কেন্দ্ৰীয় চৰকাৰে জনাই যে ভাৰতে ৬,৭৩৮ টা অক্সিজেন কনচেণ্ট্ৰেটাৰ, ৩,৮৫৬ টা অক্সিজেন চিলিণ্ডাৰ, ১৬ টা অক্সিজেন জেনৰেচন প্লান্ট , ৪,৬৬৮ টা ভেণ্টিলেটৰ আৰু ৩ লাখতকৈও অধিক ৰেমডেচিভিৰ বেজী বিদেশৰ পৰা সাহাৰ্য্য হিচাপে লাভ কৰিছে।