নিউজ ডেস্ক : নতুন আই টি নিয়মকলৈ ভাৰত চৰকাৰ আৰু মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰৰ মাজত চলি থকা ‘শীতল যুদ্ধ’ৰ মাজতে এইবাৰ টুইটাৰে ভাৰতৰ এখন ভুল মানচিত্ৰ প্ৰকাশ কৰি পুনৰ বিতৰ্কৰ অৱতাৰণা কৰিছে।

টুইটাৰৰ কেৰিয়াৰ শিতানত দেখিবলৈ পোৱা উক্ত মানচিত্ৰখনত জম্মু কাশ্মীৰ আৰু লাডাখক বেলেগ দেশ হিচাপে দেখুওৱা হৈছে।

এই কাৰ্য্যৰ বাবে মাইক্ৰ’ ব্লগিং ছাইটো পুনৰ ভাৰত চৰকাৰৰ ৰোষত পৰা সম্ভাৱনা আছে, সূত্ৰৰ পৰা জানিব পৰা মতে চৰকাৰে টুইটাৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব পাৰে।

লগতে পঢ়ক : ভাৰতীয় ষ্টেট বেংকৰ ৫২৩৭টা পদত নিযুক্তি; আবেদনৰ অন্তিম তাৰিখ ১৭ মে’

উল্লেখযোগ্য যে এইবাৰৰ সৈতে এইয়া দ্বিতীয়বাৰৰ বাবে টুইটাৰে ভাৰতৰ মানচিত্ৰক ভুলকৈ অংকন কৰিছে। ইয়াৰ আগতে প্ৰকাশ কৰা এখন মানচিত্ৰত প্ৰতিষ্ঠানটোৱে লেহক চীনৰ ভিতৰত অনুৰ্ভুক্ত কৰিছিল।

২৬ মে’ৰ পৰা কাৰ্য্যকৰী হোৱা দেশৰ নতুন আইটি নিয়ম অনুসৰণ নকৰাৰ বাবে ভাৰতত টুইটাৰে আইনী সুৰক্ষাৰ আধাৰ হেৰোৱাব লগা হৈছিল।

যোৱা ১৬ জুনত কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে বুধবাৰে এক টুইট যোগে কৈছিল যে টুইটাৰে বহুকেইটা সুযোগ লাভ কৰাৰ পাছতো ইচ্ছাকৃতভাৱে আই টি নিয়ম অনুসৰণ নকৰাৰ পথ বাছি লৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply