নিউজ ডেস্ক : যোৱা এবছৰতকৈ অধিক দিন ধৰি বিতৰ্কৃত ৩খন কৃষি আইনক লৈ কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। বিষয়টোক লৈ কেইবালানি আলোচনা হোৱা সত্ত্বেও এই পৰ্য্যন্ত কোনোধৰণৰ সমাধান ওলোৱা নাই।

শেহতীয়াকৈ কৃষকসকলৰ সমৰ্থনত বিভিন্ন লোকে টুইটাৰৰ জৰিয়তে ৰাষ্ট্ৰসংঘক কৃষকসলৰ হৈ বিষয়টোত হস্তক্ষেপ কৰাৰ দাবী উত্থাপন কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে QUAD সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকাৰ সময়তে কৃষকসকলে চলাই অহা প্ৰতিবাদৰ প্ৰতি বিভিন্নজনে টুইটাৰৰ জৰিয়তে বিষয়টোত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰিছে।

ৰাষ্ট্ৰসংঘ তথা আন্তঃৰাষ্ট্ৰীয় মহলে কৃষকসকলৰ আন্দোলনৰ প্ৰতি কিমান দূৰ সমৰ্থন প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব।

কৃষকসকলৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সমৰ্থন বিচাৰি দিয়া কেইটামান টুইট –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply