নিউজ ডেস্কঃ নাগালেণ্ডৰ ম্যানমাৰ সীমান্ত টুৱেনচাঙ জিলাত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ।
মংগলবাৰে আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে দুৰ্ধষ দুই সদস্যই ।
আলফাৰ সদস্য দুগৰাকীয়ে ম্যানমাৰ পৰা আহি টুৱেনচাঙ জিলাত বাহৰ পাতি আছিল।
বুধবাৰে আছাম ৰাইফলছৰ টুৱেনচাঙ বেটিলিয়নে এক গোপন সূত্ৰত খবৰ লাভ কৰি মেছেঙলেঙ খেতি অঞ্চলত অভিযান আৰম্ভ কৰে।
এই অভিযানৰ খবৰ পাই আলফা স্বাধীনৰ কেডাৰ দুজনে আত্মসমৰ্পণ কৰে আছাম ৰাইফলছৰ ওচৰত। সদস্য দুজনে সেনাৰ ওচৰত অস্ত্ৰও জমা দিয়ে ।
ইফালে, মঙলবাৰে ডিব্ৰুগড়ৰ পল্টন বজাৰ সেনা শিবিৰত আলফা স্বাধীনৰ এগৰাকী কেডাৰে আত্মসমর্পণ কৰে।
আত্মসমর্পণ কৰা কেডাৰজন যোৰহাট তিতাবৰৰ দীপাংকৰ গগৈ ওৰফে টাইচেং গগৈ।
আত্মসমর্পণৰ সময়ত কেডাৰজনে এটা ৯এম এম পিস্তলসহ ৬জাঁই সজীৱ গুলী জমা দিয়ে ৷